আত্মনিৰ্ভৰশীল – অনিতা গগৈ 

PC - iStock
আত্মনিৰ্ভৰশীল 
 অনিতা গগৈ, নগাওঁ 
 ঃতইনো কিয় চাকৰি কৰিব লাগে ৷এটা পেটহে কিয়নো ইমান লাগে ভায়েকহঁতে চাকৰি কৰেই মাক বাপেকৰ ইমান সম্পত্তি কোনে খায় ৷
 ঃ মোৰ বিয়া নহ’ল ঘৰতে থাকিলো ৷যেতিয়ালৈকে ভাইটিহঁতে বিয়া নাপাতে তেতিয়ালৈকে ঠিকেই আছে ৷তাৰ পাছত সিহঁতৰ সংসাৰ বাঢ়িব ৷ মই সিহঁতৰ বাবে সমস্যা হৈ পৰিম ৷ মই আনৰ পুতৌপাত্ৰ হব নিবিচাৰো ৷ সন্মান সহকাৰে জীয়াই থাকিব বিচাৰো। আমাৰ দৰে বিয়া নোহোৱা ছোৱালীবোৰ বা শহুৰৰ ঘৰৰ পৰা উভতি মাকৰ ঘৰলৈ একেবাৰে গুচি অহা ছোৱালীবোৰে উপাৰ্জনৰ পথ এটা বাচি লব লাগে যাতে ভৱিষ্যতে কাৰো বোজা নহৈ সন্মান সহকাৰে জীয়াই থাকিব পাৰে ৷
 ঃ তই এইষাৰ ডাঙৰ কথা ক’লি ছোৱালীবোৰ সঁচাকৈ আত্মনিৰ্ভৰশীল হব লাগে ৷