কুঁহিপাত – ছেলিমা বেগম

PC - Shutterstock
কুঁহিপাত
ছেলিমা বেগম, নগাঁও
ব’হাগ মাহত         গছৰ ডালত
কুঁহিপাতে হাঁহি মাৰে
তাকেই দেখিলে    ভাল লাগে মন
আনন্দ হিয়া নধৰে।
কুঁহিপাত বৰ              কুমলীয়া আগ
সেউজীয়া ৰং তাৰ
পৃথিৱী সেউজ            কৰি ৰাখে হয়
নিয়ম যে জগতৰ।
কুঁহিপাতে পাতে          পক্ষীৰ মাতত
বসন্তৰ আগমন
গছৰ ডালত            পাতৰ আঁৰত
লুকাই গাইছে গান  ।
কুউ কুউ বুলি           বিহু বিহু লগে
দেহা ৰাইযাই কৰে
অতি চেনেহৰ              বিহু টি নে পাতি
কেনে থাকোঁ এনেদৰে।
বিৰিখে পিন্ধিলে             নতুন নতুন
কুঁহিপাতে মেৰিয়াই
ঋতু ৰাজ হাঁহি              মাৰে বসন্ততে
আহিছোঁ হে জপিয়াই।