ডিব্ৰুগড়ত সংঘটিত হ’ল শিশু নিয্যাতনৰ ঘটনা

ডিব্ৰুগড়ত সংঘটিত হ’ল শিশু নিয্যাতনৰ ঘটনা : চিকিৎসকৰ পত্নীক গ্ৰেপ্তাৰ-পলাতক ডাঃ দেৱজিত দত্ত
এম হাছিম  আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  জঘন্য, অমানৱীয়, গাৰ নোম শিয়ৰি উঠা, সভ‍্য সমাজক লজ্জানত কৰা কাণ্ড সংঘটিত হৈছে ডিব্ৰুগড়ত। ৰাজ্য কঁপাই যোৱা ডাঃ সংগীতা দত্তৰ দৰেই আন এটা বৰ্বৰ কাণ্ড সংঘটিত হৈছে ডিব্ৰুগড়ত। ‘অভিজাত’ পৰিয়ালৰ বৰ্বৰোচিত কাণ্ড। গৰম ইষ্ট্ৰি লগাই-পানী ঢালি ৯/১০ বছৰে বনকৰা কিশোৰীক বৰ্বৰ শাৰীৰিক নির্যাতন আৰু উৎপীড়ন চিকিৎসক ডা° দেৱজিৎ দত্ত আৰু তেওঁৰ পত্নী ববী কলিতাৰ। শেহতীয়াকৈ এই ঘটনা পোহৰলৈ আহিছে ডিব্ৰুগড়ৰ চি ডব্লিউ চিৰ চাইল্ড ৱেলফেয়াৰ কমিটিৰ সহযোগত। ঘটনাৰ বিৱৰণী অনুসৰি ২০১৩ চনত কিশোৰীগৰাকীক অৰুণাচলৰ গাঁৱৰ এজন লোকে (পৰিচয়, ঠিকনা উদ্ধাৰ হোৱা নাই) চাকৰি দিম বুলি প্রলোভিত কৰি প্ৰথমে ডিব্ৰুগড়ৰ মোহনবাৰীস্থিত ডা০ দেবজিত দত্তৰ পত্নী ববী কলিতাৰ মাতৃ গৃহলৈ আনে এক বুজন পৰিমানৰ ধনৰ বিনিময়ত। পিছত ববী কলিতা চিকিৎসক দেৱজিৎ দত্তৰ সৈতে ২০১৫ বিবাহ হোৱাত যৌতুক ৰূপে বনকৰা ছোৱালী জনীকো লগত লৈ আনে আৰু তেতিয়াৰে পৰা ডিব্ৰুগড়ৰ চৰ্মৰোগ বিশেষজ্ঞ ডাঃ দেবজিত দত্তৰ ডিব্ৰুগড়ৰ বাসগৃহত বনকৰা ছোৱালী হিচাপে শাৰীৰিক নির্যাতন কৰে যদিও সহি আছিল।আনহাতে ধনৰ বিনিময়ত মোহনবাৰীত থৈ যোৱা মানুহজনৰ লগত কোনো যোগসূত্র নাছিল কিশোৰী গৰাকীৰ। কিশোৰীগৰাকীয়ে ডিব্ৰুগড়ৰ চি ডব্লিউ চি সদস্যৰ আগত দিয়া ভাষ্য অনুসৰি চিকিৎসক দেবজিত দত্তৰ পত্নী ববী কলিতাই সামান্য কথাতে পিঠিত ভুকুৱাই দিয়া, গোৰ মৰা,  চৰ শোধোৱা, গাত গৰম পানী ঢালি দিছিল আৰু চিঞৰিব নোৱাৰাকৈ মুখত সোপা দি ৰাখে কিশোৰী গৰাকীক। কেৱল সিমানেই নহয়, কিশোৰীগৰাকীক ডিব্ৰুগড় কনভয় ৰোডৰ বৈৰাগীমঠস্থিত জে,এচ,বি পেভিলিয়নৰ ৩০২ নং ঘৰৰ ভিতৰতে আবদ্ধ কৰি বাহিৰত তলা লগাই তিনি-চাৰি দিনলৈ চিকিৎসক দম্পতী ওলাই গৈছিল। কিছুদিন পূর্বে এসপ্তাহৰ বাবে দুৱাৰত তলা মাৰি গুৱাহাটীলৈ গুচি গৈছিল বুলিও কিশোৰীগৰাকীয়ে অভিযোগ কৰে। মুঠৰ ওপৰত বহিঃবিশ্বৰ সৈতে যোগাযোগ সম্পূর্ণ বন্ধ কৰি ৰাখিছিল। কিশোৰীগৰাকীক ইমানে মানসিক চাপ তথা শাৰীৰিক অত্যাচাৰ চলাইছিল যে কিশোৰীগৰাকী প্রায় ট্র’মালৈ (ভয়ত স্মৃতি শক্তি হ্রাস পোৱা) গুচি গৈছিল বুলি ডিব্ৰুগড়ৰ শিশু সুৰক্ষা কমিটীৰ সদস্য ৰূপা কৌৰে সংবাদ মাধ্যমৰ জানিবলৈ দি পুনৰ কয় যে ঘৰৰ ঠিকনা, পৰিয়াল, আত্মীয়-স্বজন সকলোকে হেৰুৱাই কেৱল জীয়াই থকাৰ প্ৰবল হেঁপাহত কিশোৰীগৰাকীয়ে সকলো নিৰ্বিবাদে সহি গৈছিল। কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি চিকিৎসকগৰাকীৰ পত্নী ববী কলিতাই বেলনা মাৰিৰে কোবাই পাঁচটাকৈ দাঁত ভাঙি দিয়াৰ লগতে মূৰত মাৰি মূৰ ফালি পেলাইছিল। বর্তমানে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি ডিব্ৰুগড়ৰ প্ৰেৰণা আশ্রয় গৃহত ৰখা বুলিও জানিবলৈ দিয়ে শিশু কল্যাণ বিভাগৰ সদস্য ৰূপা কৌৰে। গুৱাহাটীৰ মানৱ অধিকাৰ সুৰক্ষা সমিতিক এই ঘটনাৰ সন্দৰ্ভত এক গোচৰ দিয়া হৈছিল আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে বিষয়টো গুৱাহাটীস্থিত শিশু সুৰক্ষা কমিটিলৈ স্থানান্তৰ কৰে আৰু সেইমর্মে ডিব্ৰুগড়ৰ সমিতিয়ে আৰক্ষীক গোচৰ দি কিশোৰীগৰাকীক উদ্ধাৰ কৰি আশ্রয় গৃহত থকাৰ ব্যৱস্থা কৰে। ঘটনা সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত ৩৫২/ ৩৪২/ ৩২৬/ ৩৭৪/ ৫০৬-৭৫/৭৯ জুভাইনেল এক্ট, শিশু সুৰক্ষা আইন ২০১৪-২০১৫ আৰু শিশু শ্রমিক আইন ১৯৮৬ৰ অধীনত ১৩৪/২০২৪ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হয়। প্রাথমিক তদন্তত চিকিৎসক দেৱজিত দত্তৰ পত্নী তথা এখন বিউটী পার্লাৰৰ স্বত্বাধিকাৰী ববী কলিতাক গ্ৰেপ্তাৰ কৰি যোৱা ১৩ এপ্রিলত কাৰাগাৰলৈ নিক্ষেপ কৰা হয়। এই ঘটনাত সহযোগ কৰা ববী কলিতাৰ চিকিৎসক স্বামী ডা০ দেৱজিত দত্ত বর্তমানে পলাতক বুলি জানিব পৰা গৈছে। আনহাতে ডিব্ৰুগড় বৈৰাগীমঠস্থিত ডা০ দত্তৰ বাসগৃৰ কাষৰ ব্যক্তিৰ ভাষ্য মতেও ছোৱালী গৰাকীক প্ৰায়ে মাৰধৰ কৰা বুলি জনায়।