যৌতুক নিদিয়া বাবে স্বামীয়ে প্ৰাণ ল’লে পত্নীৰ

যৌতুক নিদিয়া বাবে স্বামীয়ে প্ৰাণ ল’লে পত্নীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি।নিজ পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে।মৃত তৰালি দাসৰ পৰিয়ালে অপৰাধীক গ্ৰেপ্তাৰৰ লগতে ন্যায় বিচৰৰ দাবীত থানা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছে।উল্লেখ্য যে মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। বিশ্বজিৎ বসুমতাৰী নামৰ যুৱকজনে এক বছৰৰ পুৰ্বে বিয়া কৰাইছিল মেৰাপানীৰ নাৰায়ণপুৰ গাঁৱৰ তৰালি দাসক। বিয়াৰ পিছৰে পৰা বিশ্বজিৎ বসুমতাৰীয়ে যৌতুক হিচাপে এখন বাইক আৰু টকা-পইচা দাবী কৰি অহাৰ অভিযোগ তৰালি দাসৰ পৰিয়ালৰ। সোমবাৰে নিশা তৰালিয়ে আত্মহত্যা কৰা বুলি পৰিয়ালৰ লোকক খবৰ দিয়াৰ পাছতেই মাতৃগৃহত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সোধ-পোচৰ বাবে তৰালি দাসৰ স্বামী বিশ্বজিৎ বসুমতাৰী, শহুৰ আৰু শাহুয়েকক আটক কৰিছে।