বিহুৰ নষ্টালজিক দিনবোৰৰ জখলা বগাই…- সুনম বিশ্বাস

বিহুৰ নষ্টালজিক দিনবোৰৰ জখলা বগাই…

সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ

আমি উৎসৱ প্ৰিয় লোক। উৎসৱে আমাৰ দেহ-মন আনন্দত দোলায়িত কৰে । তাতে আমাৰ জাতীয় উৎসৱ ” বিহু ” বুলিলে আমি এনেই উন্মাদ । প্ৰকৃতিও ইয়াৰ আগমনৰ বতৰা দিয়ে , বসন্ত মানেই আশা , সপোনৰ কুঁহিপাত মেলা ঋতু । যাক ঋতুৰ ৰজা বোলা হয় । ইয়াৰ আগমনৰ লগে লগে কুলি-কেতেকীৰ সন্তুষ্টিদায়ক মাতবোৰে মন উতলা কৰে । তগৰ , মালতী , কপৌফুলৰ অপাৰ সৌন্দর্যই মন আকৰ্ষণ কৰে । প্ৰকৃতিয়ে সাজি-কাচি শ্যামলী বসন পৰিধান কৰে। এক বিনন্দীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু লগত লৈ আহে আমাৰ লোক-সংস্কৃতিৰ বৰঘৰ চহকী কৰা হেঁপাহৰ ৰঙালী বিহুটিক।

অসমীয়াৰ প্ৰাণ বিহু মূলত কৃষিভিত্তিক উৎসৱ। অসমীয়া সমাজ জীৱনৰ লগত ই অংগাংগিভাৱে জড়িত। বিহু তিনিটা, তাৰ ভিতৰত বসন্তকালত পালন কৰা ৰং-ৰইচ , আনন্দ- উপভোগৰ বাবে ব’হাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয় । স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ৰাজত্বকালৰ পৰাই আমাৰ বাপতিসাহোন বিহুৱে আনুষ্ঠানিক মৰ্যাদা লাভ কৰে । ৰঙালী মানেই আনন্দৰ জোৱাৰ । এই সময়ছোৱাত ঢোল- পেঁপাৰ মাতে চৌপাশ মুখৰিত কৰে । ডেকা-গাভৰুৰ মনত প্ৰেমভাৱৰ উদ্ৰেক ঘটায় । বৃদ্ধাৰ মনো যৌৱনলৈ উৰা মাৰে । জেতুকাৰ ৰক্তিম বৰণে গাভৰুসকলৰ হাতৰ জেউতি বঢ়ায় । গাভৰুসকলে অক্লান্ত পৰিশ্ৰমেৰে বই উলিওৱা মৰম তথা সন্মানৰ প্ৰতীক বিহুৱানখন লৈ চেনাইলৈ বাট চাই থাকে ।

কিন্তু বৰ্তমান সময়ত বলা পৰিৱৰ্তনৰ বতাহজাকে আমাৰ সভ্যতা-সংস্কৃতিকো চুই গৈছে । আগৰ বিহু আৰু এতিয়াৰ বিহুত যেন আকাশ-পাতাল পাৰ্থক্য । আধুনিক সমাজৰ অত্যাধুনিক এচাম লোকৰ বাবে যেন বিহু , বিহু হৈ থকা নাই। কিছু বছৰ আগতে ঢোল-পেঁপাৰ মাতে মন – প্ৰাণ পুলকিত কৰিছিল , এতিয়া মাথোঁ কৰ্ণগোচৰ হয় ৰক এডিটৰ ৰিমিক্স বিহু গীত । জানমণি , জোনমণিৰ দিনৰ প্ৰাণ আপ্লুত কৰা এলবামৰ গীতবোৰ কেৱল স্মৃতিৰ ৰহঘৰাতহে দোলা দিয়ে।  ‘” নদী বাঢ়িলে অ’….. উজান উঠিলে অ’ ”  .. , ‘ নীলা নীলা আখৰে … , ” কিনো চাৱনিৰে চালা মোক  ঐ..” , ” ফুল ফুলিছে বসন্তৰ তুমি জানমণি ব’হাগত ….” ইত্যাদি গীতবোৰে কাৰনো মনাকৰ্ষণ কৰা নাছিল ! এইবোৰ বৰ্তমান অতীত হৈ গ’ল । তেনেধৰণৰ নতুন গীতো শুনিবলৈ পোৱা নাযায় ।

সেয়েহে বৰ্তমান মনে ল’ৰালিৰ বিহুলৈ উৰা মাৰে । এই যে বিহুৰ প্ৰথম দিনাই হাতত সৰু ঢোল , বাঁহেৰে অনায়েসে তৈয়াৰ কৰি লোৱা টকা , মোনা এখন লৈ মূৰত গামোচাখন মেৰিয়াই চাৰি – পাঁচজনীয়া দল হৈ ঘৰে-ঘৰে গৈ বিহু মৰা দিনবোৰ সঁচাই মধুৰ আছিল ! এটকা-দুটকা খুচুৰা পইচাই মোনাৰ তলত ঝনঝনাই কৰা শব্দবোৰ উফ্! কি যে সুখৰ মুহূৰ্ত আছিল । শেষৰ দিনা নাচি পোৱা পইচাবোৰ ভগাই লৈ, মেলা চাবলৈ যোৱা আৰু  পোৱা চাউলখিনিৰে সকলোৱে মিলি ভোজ খোৱা দিনবোৰ কেৱল স্মৃতিৰ গৰাহত লীন গ’ল ।

বৰ্তমান সময়ত আমি অভিভাৱকসকল যেন কিছু ক্ষেত্ৰত স্বাৰ্থপৰ হৈ উঠিছো , ল’ৰা-ছোৱালীক স্বতঃস্ফূর্তভাৱে আনন্দ কৰাত ক্ষেত্ৰত বাধা হৈ উঠিছো আমিয়েই । প্ৰতিযোগী মনোভাৱ গঢ়ি তোলাতহে যেন ব্যস্ত হৈ পৰিছো। প্ৰতিযোগিতাৰ প্ৰতি আগ্ৰহ থকা ভাল , সেই বুলি সকলো ক্ষেত্ৰতে ইয়াৰ গ্ৰহণযোগ্যতা সমীচিন নহয়। ডাঙৰ-ডাঙৰ মঞ্চত আকৰ্ষণীয় বঁটা থকা প্ৰতিযোগিতাবোৰতহে অংশগ্ৰহণ কৰিবলৈ ল’ৰা-ছোৱালীৰ অনীহা সত্ত্বেও বাধ্য কৰোৱা দৃষ্টিগোচৰ হয় । সাম্প্ৰতিক যুগটোৱে যেন প্ৰতিযোগিতাৰ যুগ। যান্ত্রিকতাৰ পাকচক্ৰত আমি কেৱল স্বাৰ্থ থকা দিশবোৰকহে গুৰুত্ব দিও! সেয়ে প্ৰকৃত আনন্দ উপভোগত আমি পিছ পৰি আছো। আমি হাঁহিব লাগে হাঁহিছো কিন্তু মন খুলি নহয়..! আগত যেতিয়া আধুনিকতাৰ বৰমালা পৰিধান কৰা নাছিলোঁ তেতিয়া বিহুৰ আনন্দ উপভোগ কৰাৰ নিষ্ণাত আছিলোঁ।

আজিকালিৰ বিহুত আগৰ প্ৰাণ নাই, স্বতঃস্ফূর্ত আনন্দৰ ঠাই কাঢ়ি ল’লে এচাম আধুনিক বিহুবলীয়া ৰাইজে । পৰম্পৰাগতভাৱে বিহু উদযাপনৰ বিপৰীতে লাখ – লাখ টকা ব্যয় কৰি মঞ্চ আকৰ্ষণ কৰা, নিজৰ পৰম্পৰাগত গীত-বাজনাৰ পৰিৱৰ্তে আল্ট্ৰা চাউণ্ড থকা আধুনিক বাদ্যযন্ত্ৰৰ ব্যৱহাৰে এক অপসংস্কৃতিৰ সৃষ্টি হৈছে । চৌপাশে মঞ্চ সজাৰ যেন অঘোষিত প্ৰতিযোগিতা পতাতহে মত্ত হৈছে আধুনিক বিহুবলীয়া সমাজ ! তাৰোপৰি পৰম্পৰাগত সাজ-পোছাকৰ বিপৰীতে এচাম নৰ- নাৰীয়ে বৰ্তমান আমাৰ সমাজত বিহুৰ দিনাও আধুনিক সাজ- পোছাকহে পৰিধান কৰা দেখা যায় । আধুনিক ট্ৰেণ্ডেহে আগস্থান পোৱা দেখা যায় ।

এনেকুৱা পৰিৱৰ্তনৰ সোঁতে আমাৰ পৰম্পৰাগত কলা-সংস্কৃতিবোৰ উটুৱাই নিলে , আমি স্বকীয় গুণ-গৰিমাৰ সোণোৱালী ধ্বজ্জাবাহক বিহুক যেন নিজ হাতে সংকটৰ দিশে ঠেলি দিলো। একালত আমাৰ অস্তিত্বই ঠাই পাব কেৱল ইতিহাসৰ স্বৰ্ণপৃষ্ঠাত! সাম্প্রতিক প্রেক্ষাপটত বিহু নাচে গোটেই দেশৰ লগত সংযোগ স্থাপন কৰিব পৰা এক মাধ্যম হৈ পৰিছে আনকি বিশ্ব অভিলেখ গঢ়াৰ ক্ষেত্ৰতো ইয়াৰ গুৰুত্ব অপৰিসীম । আমাৰ বিহু নাচে ইতিমধ্যেই গুৱাহাটীস্থিত সৰুসজাই ষ্টেডিয়ামত ১১,১০৪ নাচনী-ঢুলীয়াই বিহু প্ৰদৰ্শন কৰি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ নাম অন্তৰ্ভুক্ত কৰাত সক্ষম হৈছে । যি বিশ্ব অভিলেখ স্থাপন কৰিছে সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়। সেয়েহে আমি আমাৰ প্ৰাণ, আমাৰ আৱেগ , আমাৰ গৌৰৱ বিহুক চিৰযুগমীয়া কৰি ৰাখিবলৈ হ’লে এতিয়াৰ পৰাই সচেতনতা অৱলম্বন কৰাটো জৰুৰী। আধুনিকতাৰ ধামখুমীয়াত ইয়াৰ অস্তিত্ব কোনো কালেও মোলান নপৰাৰ বাবে প্ৰত্যেকজন লোকেই কাণ থিয় কৰা উচিত । সি যি কি নহওক বিহু যিহেতু আমাৰ চোতাল পালেই সেয়েহে সমূহ অসমবাসী ৰাইজলৈ ঐকান্তিক কামনাৰে ৰঙালী বিহুৰ লগতে আগন্তুক অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ, ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰক সকলোৰে জীৱন ।