মিৰ্জাত বিহু নাচৰ কৰ্মশালা
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা বছৰৰ দৰে এইবাৰো ১ এপ্ৰিললৈ মিৰ্জাৰ জামৰতল খেল পথাৰত আবেলি ২ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ গুৰুকুল সত্ৰীয়া কলা কেন্দ্ৰৰ উদ্যোগত বিহু নাচৰ কৰ্মশালা আয়োজন কৰা হৈছে। বিহু নাচৰ লগতে ঢোল, পেঁপা, গগনা, সুতুলি আৰু টকা বজোৱাৰ শিক্ষা দিয়া হ’ব। প্ৰশিক্ষণ আগবঢ়াব লোক নৃত্যৰ বিশেষ শিল্পী শৈলেন গগৈ আৰু সন্তনা বড়োৱে। উল্লেখ থাকে যে যোৱা বছৰ এই কৰ্মশালাৰ জৰিয়তে অসম চৰকাৰে আয়োজ্ন কৰা বিহু নৃত্যৰ বিশ্ব অভিলেখ অনুষ্ঠানত ৪ গৰাকী বিহু নাচনীয়ে অংশ লবলৈ সক্ষম হৈছে। লগতে যোৱা ৰাস মহোৎসৱ মিৰ্জা আৰু পলাশবাৰীৰ উপৰিও ঝাৰোবড়ী অসম জাতীয় বিদ্যালয়ত বিহু নৃত্য পৰিৱেশন কৰা হৈছিল।কৰ্মশালাত অংশ গ্ৰহণ কৰিবলৈ তলৰ ঠিকনাত যোগযোগ কৰিবলৈ অনুৰোধ জনাইছে উদ্যোক্তাসকলে। কমল কুমাৰী দাস, গুৰুকুল সত্ৰীয়া কলা কেন্দ্ৰ, পূৰ্ণজ্যোতি নগৰ, মিৰ্জা। ভ্ৰাম্য ভাষ-৯৮৫৯৯১৬৫৩৪,৯৮৫৯৯১৬৫৩৫৷