“দহ” বছৰৰ সফলতাৰ প্ৰতিচ্ছবি হাতত লৈ জনসাধাৰণৰ মাজলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থী সৰ্বানন্দ সোনোৱাল

“দহ” বছৰৰ সফলতাৰ প্ৰতিচ্ছবি হাতত লৈ জনসাধাৰণৰ মাজলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থী সৰ্বানন্দ সোনোৱাল

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- জনসাধাৰণৰ ওচৰত শ্ৰীচৰণত মূৰ দোৱাব বিজেপিৰ সকলো কাৰ্যকৰ্তাই , আশীৰ্বাদ বিচাৰিব ঘৰে ঘৰে যোৱাৰ সিদ্ধান্ত সৰ্বানন্দ সোনোৱালে ডিব্ৰুগড় জিলা বিজেপি চাহ মৰ্চাৰ উদ্যোগত যোৱা ১৬ মাৰ্চত ডিব্ৰুগড় জিলাৰ ১৫২খন চাহ বাগিচাৰ চাহ মৰ্চাৰ ৰাজ্যিক জিলা মণ্ডল পৰ্য্যায়ৰ কাৰ্যকৰ্তা সকলক লগত লৈ এখনি সভা আয়োজন কৰে। এই সভাৰ প্ৰধান উদ্যোগ লৈছিল চাহ মৰ্চাৰ জিলা সমিতিৰ সভাপতি খগেন ৰাজুৱাৰ আৰু জিলা সমিতিৰ সতীৰ্থ সকলে। ইয়াত বিশেষ ভাবে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছিল ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলা সমিতিৰ উজ্জ্বল কাশ্যপ আৰু বিশিষ্ট অতিথিৰূপে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ চাহ মৰ্চাৰ সভাপতি পোলেন নায়কে।এই সভাত সকলৰে লগতে মত বিনিময় অনুষ্ঠান কৰে আৰু সভাখন শেষ হোৱাৰ পাছত ডিব্ৰুগড়ৰ চাউলখোৱাত অৱস্থিত সংগ্ৰামী নেতা চাহ শ্ৰমিক নেতা , অসম চাহজনজাতি ছাত্ৰ সন্থাৰ প্ৰতিস্থাপকসভাপতি, সম্পাদক চাইমন সিং হ’ৰ আৰু সন্তোষ কুমাৰ তপ্প। এই দুগৰাকী নেতাক গভীৰ ভাৱে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।তেখেত সকলৰ আদৰ্শ নীতি সমূহক বিশেষ ভাবে শ্ৰদ্ধা জনায় আৰু তেখেত সকলে অসমৰ সমাজ জীৱনত উল্লেখযোগ্য যি অৱদান আগবঢ়াই গৈছে সেই কথাও স্মৰণ কৰে। সোণোৱালে আৰু কয় যে এই সকলৰ আদৰ্শৰে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ ,পাহাৰ ভৈয়ামত বসবাস কৰা বৃহৎ অসমীয়া সমাজ খনৰ লগতে ভাৰতবৰ্ষৰ জনগণৰ বাবে নিষ্ঠাৰে কাম কৰি আছোঁ আৰু কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিয়ে। তেওঁ ভাৰতৰ নিৰ্বাচনী আয়োগক আন্তৰিকতাৰে ধন্যবাদ জনাইছে আৰু দিন ঘোষণা কৰা লগেলগে প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ কৰ্ম কাৰ্যনিৰ্বাহ সমূহ আগবঢ়াব বুলিও কয়। সকলোৰে লক্ষ্য হৈছে জনসাধাৰণৰ সমৰ্থন বুটলা। অসমতো বিজেপিৰ মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থী একতৃত্ব হৈ ৰাইজৰ ওচৰলৈ যাব আৰু যোৱা ১০(দহ )বছৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত যিখিনি উল্লেখযোগ্য উন্নয়নমূলক কাম কৰা হল,সেই সফলতাৰ প্ৰতিচ্ছবি খন হাতত লৈ জনসাধাৰণৰ মাজলৈ যাম আৰু জনসাধাৰণৰ শ্ৰীচৰণত মূৰ দোৱাই বিজেপিৰ সকলো কাৰ্যকৰ্তাই আশীৰ্বাদ বিচাৰিব আৰু তেওঁলোকৰ সমৰ্থন বিচাৰি বুলি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই জানিব দিয়ে।