১২৫ ফুট উচ্চতাৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ অহা দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী যোৰহাটৰ হোলোঙাপাৰস্থিত মৈদামত উপস্থিত হৈয়ে জাতীয় বীৰ লাচিত বৰফুকনৰ বীৰত্বগাথা সুঁৱৰি টাই আহোম পৰম্পৰাৰে তৰ্পণ কৰে। সেই স্থানতে লাচিত মৈদাম সংৰক্ষণ সমিতিয়ে প্রতীকী হেংদাং,মুগাৰ চাপকণ আৰু টাই আহোমৰ ফাৰুৰে প্ৰধানমন্ত্ৰীক আদৰণি জনায়। ইয়াৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৪২ ফুট ওখ বেদীসহ মুঠ ১২৫ ফুট উচ্চতাৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে। মৃদংগৰ ধ্বনি, ১০০ গৰাকী মূলাগাভৰুৰ টাই প্ৰাৰ্থনা আৰু টাই পুৰোহিতৰ মন্ত্রোচ্চাৰণৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে ফলকৰ আঁৰকাপোৰ টানি বিশাল প্রতিমূর্তিটো উন্মোচন কৰে। ইয়াৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিশাল প্রতিমূর্তিটোত সংস্থাপন কৰা বিশেষ লিফ্টেৰে স্তম্ভৰ ওপৰলৈ উঠি উপস্থিত ৰাইজক সম্বোধন কৰে। ভাষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিজকে সৌভাগ্যৱান বুলি উল্লেখ কৰি কয় যে বীৰ লাচিত বৰফুকন অসমৰ সাহস আৰু দৃঢ়তাৰ প্ৰতীক। ২০২২ চনত নতুন দিল্লীত মহান বীৰগৰাকীৰ ৪০০ সংখ্যক জন্মজয়ন্তী অতি আড়ম্বৰ আৰু সন্মানেৰে উদযাপন কৰাৰ কথা স্মৰণ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সাহসী যোদ্ধাজনৰ প্ৰতি মূৰ দোৱায়। লাচিত বৰফুকনৰ এই ১২৫ ফুট ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে বিশ্ববিশ্ৰুত ভাস্কৰ্য শিল্পী ৰাম ভাঞ্জী সুতাৰে । এইগৰাকী শিল্পী ৰাম ভাঞ্জী সুতাৰেই বিশ্বৰ আটাইতকৈ ওখ ঐক্যমূৰ্তি (Statue of unity), চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিটোৰ নেতৃত্ব দিছিল । উল্লেখ্য যে ২০২২ বৰ্ষত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰ্ছুৱেলী লাচিত মৈদামৰ স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল ৷