নদী আৰু নাৰী
যমুনা দুলু বৈশ্য
শুৱালকুছি
নদীখনৰ ঢৌবোৰে চুই যায়হি
দিচাং , দিখৌ, বহ্নিমান শক্তিৰে,
চিটিকি পৰহি ,বুকুতে ,
আশা আৰু প্ৰত্যাশাৰ পোৱাৰ বাসনা
এনেকৈ হৃদয় চুই যায় ৰাগিণীৰে নিতে
গান গায় , গুণ গুণায় ,
এবুকু মৰম ভালপোৱা দিয়ে বিলাই
পৰিয়ালক স্নেহৰ বান্ধোন আলোকৰ সন্ধানত
দুখ ,সুখৰ মাজেৰে ।
কেতিয়াবা বিচাৰি চোৱানে তুমি
সেই নাৰী গৰাকীয়ে দিনৰ পৰা ৰাতিলৈ
কেৱল ঘৰখনৰ বাবে পৰিশ্ৰম
বুকুৰ কুটুম বুলি লয় আকোৱালী
বাকৰুদ্ধ শিকলি খুলি যাব নোৱাৰে প্ৰতিপল
প্ৰতিক্ষণে কেনেকৈ পাৰ কৰে নিৰৱ সময়
ছাঁ দিয়ে কেৱল আনৰ বাবে
থেকেচা খালেও হাৰি নেযায়
জীৱন সংগ্ৰামৰ জীয়াই থাকিবলৈ
যুঁজিব জানে কেৱল প্ৰেমেৰে ।