শিৱৰাত্ৰি – অনামিকা (সংগীতা)কলিতা

শিৱৰাত্ৰি

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

ওঁম নমঃ শিবায়

শিৱৰাত্ৰী বিষয়ে বিশেষ নাজানোঁ কিন্তু শিৱৰাত্ৰী শিৱ আৰু পাৰ্বতীৰ বিবাহৰ দিন মিলনৰ ৰাতি বুলি আইতাহতৰ মুখত শুনি আহিছিলো। শিৱ বাবাৰ  ১০৮নাম বুলি তেওঁলোকৰ পৰাই জানো। শিৱ কেৱল দেৱতাৰে নহয়,অসুৰসকলৰো আৰাধ্য।

ভাৰতবৰ্ষত আজিও ভগৱান শিৱৰ ১২ টা জ্যোতিৰ্লিঙ্গ বিৰাজমান—-সেই স্থানত  মহা ধুমধামেৰে শিৱৰাত্ৰি পালন কৰা হৈছে। শিৱৰাত্ৰিৰ দিনা  হিন্দু ধৰ্মাৱলম্বী লোকসকলে ৰাতি উজাগৰে থাকি ব্ৰত পালন কৰি  নীলকন্ঠ প্ৰভু ভোলানাথক স্মৰণ কৰে।  ১২ টা জ্যোতিৰ্লিঙ্গৰ অৱস্থিতি——-

(১)সোমানাথ/গিৰ সোমনাথ,গুজৰাট

(২)মল্লিকাৰ্জুনা/শ্ৰীশৈলম,অন্ধ্ৰপ্ৰদেশ

(৩)মহাকালেশ্বৰ/উজ্জৈন,মধ্যপ্ৰদেশ

(৪)ঔমকাৰেশ্বৰ/খাণ্ডুৱা,মধ্যপ্ৰদেশ

(৫)কেদাৰনাথ/ৰুদ্ৰপ্ৰয়াগ,উত্তৰাখণ্ড

(৬)ভীমাশঙ্গৰ/পুণে,মহাৰাষ্ট্ৰ

(৭)বিশ্বেশ্বৰ/বাৰানসী,উত্তৰ প্ৰদেশ

(৮)ত্ৰয়ম্বকেশ্বৰ/নাচিক,মহাৰাষ্ট্ৰ

(৯)বৈদ্যনাথ/দেউঘৰ, ঝাৰখণ্ড

(১০)নাগেশ্বৰ/দ্বাৰকা,গুজৰাট

(১১)ৰামেশ্বৰ/ৰামেশ্বৰম,তামিল নাডু

(১২)গ্ৰিশনেশ্বৰ/ঔৰংগাবাদ,মহাৰাষ্ট্ৰ

সকলোলৈকে ‘মহাশিৱৰাত্ৰি’  কঢ়িয়াই আনক সুখ সমৃদ্ধি আৰু আশাৰ বতৰা। সকলোৰে ওপৰত মহাদেৱৰ কৃপাদৃষ্টি অটুট থাকক।
ধন্যবাদ
(ৱিকিপিডিয়া অকণমান সহায় লৈছোঁ)