ডিব্ৰুগড়ত খেল মহাৰণ-২০২৩-২৪ৰ ৰাজ্যিক পৰ্য্যায়ৰ ভলীবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন বিধায়ক প্ৰশান্ত ফুকনৰ

ডিব্ৰুগড়ত খেল মহাৰণ-২০২৩-২৪ৰ ৰাজ্যিক পৰ্য্যায়ৰ ভলীবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন বিধায়ক প্ৰশান্ত ফুকনৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰি উজ্বলাই তুলিবলৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে অসমৰ ক্ৰীড়া ক্ষেত্রৰ সৰ্ববৃহৎ প্ৰতিযোগিতা “খেল মহাৰণ-২০২৩-২৪”। এই খেল মহাৰণ ২০২৩-২৪ৰ ৰাজ্যিক পৰ্য্যায়ৰ ভলীবল প্ৰতিযোগিতাৰ ডিব্ৰুগড় যোৱা (৫-৩-২৪)মানকটা খেলপথাৰত শুভউদ্বোধন কৰে ডিব্রুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে। অহা ৯ মাৰ্চলৈকে অনুষ্ঠিত হবলগীয়া ৰাজ্যিক পৰ্য্যায়ৰ ভলীবল প্ৰতিযোগিতাত ৩৫ খন জিলাৰ প্ৰায় ২০০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। ১৯ বছৰ অনুৰ্দ্ধ আৰু উৰ্দ্ধৰ ল’ৰা আৰু ছোৱালীৰ মুঠ চাৰিটা শাখাত এই ভলীবল প্ৰতিযোগিতসমূহ অনুষ্ঠিত হ’ব। এই শুভউদ্বোধনী অনুষ্ঠানত বিধায়ক প্ৰশান্ত ফুকনে ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়াবিদসকলক নিজৰ ক্ৰীড়া প্ৰতিভাৰ প্ৰদৰ্শনৰ বাবে খেল মহাৰণৰ দৰে এক মঞ্চ প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাজ্যিক পৰ্য্যায়ৰ ভলীবল প্ৰতিযোগিতাৰ বাবে ডিব্ৰুগড়লৈ অহা বিভিন্ন জিলাৰ ভলীবল দলসমূহক উষ্ম আদৰণি জ্ঞাপন কৰে। তেওঁ প্ৰতিগৰাকী খেলুৱৈক নিয়মানুৱৰ্তিতা বৰ্তাই ৰাখি এক ক্ৰীড়া সুলভ বাতাবৰণ গঢ়ি তুলিবলৈ আহ্বান জনায়। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে বিভিন্ন জিলাৰ পৰা অহা ভলীবল দলসমূহক ডিব্ৰুগড় জিলালৈ অদৰণি জনাই প্ৰতিগৰাকী খেলুৱৈক অনুশাসন আৰু নিয়মানুৱৰ্তিতা বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ অংশগ্ৰহণকাৰী প্ৰতিগৰাকী খেলুৱৈক একো একোজন সুদক্ষ খেলুৱৈ বুলি অভিহিত কৰি অনাগত দিনত ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ নাম উজলাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে। শুভউদ্বোধনী অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কে.জে হিলালী, ডিব্ৰুগড় পৌৰসভাৰ সভাপতি ড০ চৈকত পাত্ৰ, জ্যোতি চিত্ৰবনৰ উপাধক্ষ্য সুনীল ৰাজকোঁৱৰ, অতিৰিক্ত জিলা আয়ুক্ত (ক্ৰীড়া) জিন্টু বৰা, অতিৰিক্ত জিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত ড০ মনিকা বৰা, জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়, অসম ভলীবল সন্থাৰ কোষাধ্যক্ষ মুকুট গগৈ, অসম ভলীবল সন্থাৰ ৰেফাৰী বৰ্ডৰ সভাপতি অমল বৰুৱা, অসম ভলীবল সন্থাৰ ৰেফাৰী বৰ্ডৰ সম্পদক ধনজিৎ দাস প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল তথা ক্ৰীড়া বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে।