গুৱাহাটীত ৰাজ্যিক সাংবাদিক সন্থাৰ সভা

গুৱাহাটীত ৰাজ্যিক সাংবাদিক সন্থাৰ সভা
১০ মে’ত প্ৰদান কৰা হ’ব “ব্ৰহ্মপুত্ৰ উপত্যাকা সাংবাদিকতা বঁটা” 

গুৱাহাটী,মৃদুস্মিতা শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ৰূপ নগৰস্থ মিডিয়া ট্ৰাষ্টত যোৱা ২ মাৰ্চত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই আঁত ধৰা সভাৰ সভাপতিত্ব কৰে সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। সভাত ৰাজ্যখনৰ অন্যতম সাংবাদিক সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস, কেন্দ্ৰীয় মহিলা কোষ গঠন আৰু গুৱাহাটী মহানগৰ জিলা সমিতিৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰি তোলা আৰু ৰাজ্যিক সমিতিয়ে চলিত বৰ্ষত প্ৰদান কৰিব লগা “ব্ৰহ্মপুত্ৰ উপত্যাকা সাংবাদিকতা বঁটা” সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। সভাই আলোচনাৰ অন্তত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অহা ১০ মে’ত শিৱসাগৰ জিলা সমিতিৰ আতিথ্যত উদযাপন কৰিব লগীয়া অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই প্ৰদান কৰা হ’ব “ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা”। একেদৰে সন্থাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কৰ্মৰত মহিলা সাংবাদকৰ্মী সকলক লৈ এখন পূৰ্ণ পৰ্যায়ৰ কেন্দ্ৰীয় মহিলা কোষ গঠনৰ বাবে এখন ৯ জনীয়া আহ্বায়ক সমিতি গঠন কৰা হয়। ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক পলিমা বি চেতিয়াক মুখ্য আহ্বায়ক হিচাবে লৈ গঠন কৰা আহ্বায়ক সমিতিখনৰ আন আন সদস্য কেইগৰাকী হ’ল ক্ৰমে মিতালী কোঁৱৰ, ৰঞ্জিতা ৰাভা, অজন্তা তালুকদাৰ, মৃদুস্মিতা শৰ্মা , পল্লৱী কলিতা, ববিতা ভড়ালী, হেমা চৌধুৰী গগৈ আৰু মুন্নী ছেত্ৰী। আনহাতে সন্থাই বৰ্তমানৰ গুৱাহাটী মহানগৰ জিলা সমিতিখন অধিক গতিশীল কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি সমিতিখনৰ পৰিসৰ বৃদ্ধিৰ সিদ্ধান্ত কৰে । এই কেন্দ্ৰীয় সমিতিৰ হিলদুল গগৈৰ নেতৃত্বত এখন পৰ্যবেক্ষক সমিতি গঠন কৰি গ্ৰহণৰ দায়িত্ব অৰ্পন কৰে। পৰ্যবেক্ষক সমিতিখনত আছে ৰাতুল ৰঞ্জন চৌধুৰী, সঞ্জীৱ ডেকা আৰু অনুপ আৰন্ধৰা। সভাতে কেন্দ্ৰীয় সহ সম্পাদক পলিমা বি চেতিয়াৰ জ্যেষ্ঠা কন্যাই শেহতীয়া অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে কৃতকাৰ্যতা লাভ কৰাৰ বাবে চেতিয়ালৈ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। উক্ত সাংগঠনিক সভাত উপস্থিত আছিল কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মনোজ কুমাৰ বৰঠাকুৰ, উপ-সভাপতিদ্বয় ৰাতুল ৰঞ্জন চৌধুৰী আৰু জ্যোতিৰ্ময় হাজৰিকা, কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক হিলদুল গগৈ, কেন্দ্ৰীয় সহ সম্পাদক পলিমা বি চেতিয়া, কামৰূপ মহানগৰ সমিতিৰ কেইবাজনো কৰ্মকৰ্তাৰ লগতে মহিলা কোষৰ নৱ মনোনিত আহ্বায়কদ্বয় অজন্তা তালুকদাৰ আৰু মৃদুস্মিতা শৰ্মাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিক সংগঠনটোৰ বিষয় ববীয়া আৰু সদস্য সকল।