লোকসভা নির্বাচনক লৈ ১৯৫জনীয়া প্রথমখন প্রার্থীৰ তালিকা প্রকাশ  বিজেপিৰ

লোকসভা নির্বাচনক লৈ ১৯৫জনীয়া প্রথমখন প্রার্থীৰ তালিকা প্রকাশ  বিজেপিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   বিজেপিয়ে ঘোষণা কৰিলে ২০২৪ লোকসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা।তৃতীয়বাৰৰ বাবে দিল্লীৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ লক্ষ্যৰে এনডিএ চৰকাৰৰ নেতৃত্বধাৰী বিজেপিয়ে ১৯খন ৰাজ্যৰ ১৯৫টা সমষ্টিৰ প্রার্থী তালিকা ঘোষণা কৰে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিজেপিৰ মুখ্য কার্যালয়ত আয়োজিত সংবাদ মেলত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাওড়েই দলটোৰ কেন্দ্রীয় নির্বাচনী কমিটীয়ে যোৱা ২৯ ফেব্ৰুৱাৰীৰ নিশা গ্রহণ কৰা সিদ্ধান্তমর্মে ১৯৫জন প্রার্থীৰ নাম তালিকাত ঘোষণা কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ বাৰাণসী সংসদীয় সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ১৯খন ৰাজ্যৰ বৰ্ণমালাভিত্তিক ৰাজ্যসহ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। প্রার্থী তালিকা ঘোষণা কৰাৰ পূৰ্বে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে কয়- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ অধীনত বিগত ১০ বছৰত ৰাজহুৱা স্বার্থজড়িত অনেক সিদ্ধান্ত গ্রহণ কৰা হৈছে। এইবাৰ বিজেপি ৩৭০ আৰু এনডিএ ৪০০ পাৰ সংকল্পৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। ১৯খন ৰাজ্যৰ ১৯৫ প্ৰাৰ্থীৰ ভিতৰত ঘোষিত প্ৰাৰ্থীৰ মাজত ৩৪ গৰাকী কেন্দ্ৰীয় মন্ত্রীও আছে। এই প্রার্থী তালিকাত ২৮গৰাকী মহিলা, ৫০ বছৰ অনূর্ধ্ব ৪৭, নতুন প্রার্থী ৪৭, অনুসূচিত জাতিৰ ২৭, অনুসূচিত জনজাতিৰ ১৮ আৰু পিছপৰা সম্প্রদায় চমুকৈ অ’বিচিৰ ৫৭জন আছে। প্রথমখন তালিকাত ৩৪ গৰাকী কেন্দ্ৰীয় মন্ত্রীয়ে স্থান লাভ কৰাৰ বিপৰীতে কেইবাজনো মন্ত্ৰী আৰু সাংসদক এই তালিকাৰ পৰা বাদ দিয়া হৈছে। তালিকাত উত্তৰ প্ৰদেশৰ ৫১, পশ্চিমবংগৰ ২০, মধ্যপ্ৰদেশৰ ২৪, গুজৰাট আৰু ৰাজস্থানৰ ১৫, কেৰালাৰ ১২, তেলেংগানাৰ ৯, অসমৰ ১১, ঝাৰখণ্ড আৰু ছত্তিশগড়ৰ ১১, দিল্লীৰ ৫, জম্মু-কাশ্মীৰৰ ২, উত্তৰাখণ্ডৰ ৩, অৰুণাচল প্ৰদেশৰ ২ আৰু গোৱা, ত্ৰিপুৰা, আন্দামান নিকোবৰ আৰু দমন আৰু ডিউৰ এজনকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। তালিকাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে গুজৰাটৰ গান্ধীনগৰ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে আমেথিত প্রতিদ্বন্দ্বিতা কৰিব।  প্রাক্তন বৈদেশিক মন্ত্রী প্রয়াত সুষমা স্বৰাজৰ কন্যা বাধুৰী স্বৰাজক নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা প্রার্থিত্ব আগবঢ়োৱা হৈছে। ৰাজ্যসভাৰ সদস্য জ্যোতিৰাদিত্য সিন্ধিয়াক গুনা সমষ্টিৰ পৰা প্রার্থী হিচাপে প্ৰক্ষেপ কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাক ৰাজস্থানৰ কোটা সমষ্টিৰ পৰা পুনৰ প্রার্থিত্ব প্রদান কৰা হৈছে।