ডিব্ৰুগড়ত পৌৰসভা আৰু খাদ্য সুৰক্ষা বিভাগে মিঠাইৰ দোকানত তলা ওলমালে

ডিব্ৰুগড়ত পৌৰসভা আৰু খাদ্য সুৰক্ষা বিভাগে মিঠাইৰ দোকানত তলা ওলমালে

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন (এফ এছ এছ এ), ২০০৬ৰ অধীনত এক কঠোৰ বলবৎকাৰী পদক্ষেপত ডিব্ৰুগড়ৰ আমোলাপট্টিত থকা এম এছ নিউ শংকৰ মিঠাইৰ দোকানত অৱশেষত তলা লগালে। ৰাইজক পঁচা-অখাদ্য খুওৱাৰ লগতে সম্পূৰ্ণ নীতি-নিয়ম উলংঘা কৰা বুলি ধৰা পৰাৰ পাছত ডিব্ৰুগড়ৰ খাদ্য বিভাগ আৰু পৌৰ প্ৰশাসনৰ যৌথউদ্যোগত এই মিঠাইৰ দোকান খন অৱশেষত যোৱা ২৯ ফেব্ৰুৱাৰীত ছীল কৰি দিয়ে। লগতে খাদ্যৰ নমুনা সংগ্ৰহ কৰি অণুজীৱৰ দৃশ্যমান বৃদ্ধিৰ উপস্থিতি ধৰা পৰা বুলি ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত মিঠাইৰ দোকান খনৰ বিৰুদ্ধে উত্থাপিত বাতৰি প্ৰকাশ পাইছিল। ইয়াৰ ভিত্তিতেই এফ এছ এছ এ, ২০০৬ত উল্লেখ কৰা বিধানসমূহৰ কাৰণে কৰ্তৃপক্ষই নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰথমবাৰৰ বাবে এই অপৰাধ হিচাপে গণ্য কৰাৰ বাবেই নিউ শংকৰ মিঠাইৰ প্ৰতিষ্ঠানটোক ২৯ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈকে কাৰ্যকৰী হোৱাকৈ ৭ দিনৰ বাবে দোকানখন ছীল আৰু বন্ধ কৰা হয়। ইয়াৰ উপৰিও ২০০৬ চনৰ এফ এছ এছ এৰ ৫৬ নং ধাৰা অনুসৰি ১০০০/- টকা জৰিমনা বিহা হৈছে। এই বলবৎকাৰী ব্যৱস্থা জনসাধাৰণৰ সুৰক্ষাৰ বাবে আৰু অধিক স্বাৰ্থত লগতে প্ৰতিষ্ঠিত খাদ্য সুৰক্ষাৰ মানদণ্ড মানি চলাটো নিশ্চিত কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই নিৰ্দেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হয়, খাদ্য সুৰক্ষাৰ উচ্চ মানদণ্ড বজাই ৰখা আৰু গ্ৰাহকৰ মংগল সুৰক্ষিত কৰাৰ স্বাৰ্থত।