বাণিজ্যিক ভিত্তিক নাৰিকল উৎপাদন সম্পৰ্কীয় আলোচনা চক্ৰ

বাণিজ্যিক ভিত্তিক নাৰিকল উৎপাদন সম্পৰ্কীয় আলোচনা চক্ৰ

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ অধীনত নাৰিকল উন্নয়ন ব’ৰ্ডৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ে দিনজোৰা কাৰ্যসূচীৰে নাৰিকলৰ উৎপাদন আৰু মূল্য সংযোজন সম্পৰ্কীয় এখন বিশেষ আলোচনা চক্ৰৰ আয়োজন কৰে। আলোচনা চক্ৰৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি ৰাজ্য চৰকাৰৰ কৃষি ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাই বাণিজ্যিকভিত্তিক নাৰিকল উৎপাদনৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে বিশদভাৱে বক্তব্য আগবঢ়ায়। তেওঁ কয় যে অসমত বাণিজ্যিকভিত্তিত নাৰিকল উৎপাদনৰ যথেষ্ট সমল আছে আৰু কৃষকসকলক তাৰ প্ৰতি আগ্ৰহী আৰু উৎসাহিত কৰা তোলাৰ বাবে কৃষি বিভাগৰ পৰা সময়ে সময়ে বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছে। বিশ্বৰ ৯০ খনতকৈ অধিক দেশে নাৰিকল উৎপাদনৰ জৰিয়তে আৰ্থসামাজিক দিশত আগুৱাই যাবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰাই অসমতো চৰকাৰৰ পৰিকল্পনা সঠিক দিশত আগবাঢ়িলে ভবিষ্যতে এনে এক পৰিৱেশ আহিব বুলি আশা প্ৰকাশ কৰে। অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই তেজস্বী কৰ্ম-সংস্কৃতি গঢ়ি তোলাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা উনুকিয়াই মন্ত্ৰী অতুল বৰাই  কৃষি আৰু কৃষিভিত্তিক উদ্যাগৰ প্ৰসাৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপৰ  শলাগ লয়। মুখ্যমন্ত্ৰী ডহিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদানৰ জৰিয়তেও অনেক কৃষকক কৃষি কৰ্মৰ প্ৰতি অধিক আগ্ৰহী আৰু আশাবাদী কৰি তোলা বুলিও তেওঁ প্ৰকাশ কৰে। অনুষ্ঠানত বি টি আৰৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসেও বাণিজ্যিকভিত্তিত নাৰিকল উৎপাদনৰ পোষকতা কৰি কৃষকসকলক উৎসাহিত কৰি তোলে। আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত  নাৰিকল উন্নয়ন ব’ৰ্ডৰ সঞ্চালক ৰজত কমল পাল, উদ্যান শস্য বিভাগৰ সঞ্চালক তিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি, কৃষি বিজ্ঞানী উপস্থিত থাকে।