বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰোধিতা অল আসাম ইলেকট্ৰিচিটী কনজিউমাৰ্চ এছ’চিয়েশ্বনে

বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰোধিতা অল আসাম ইলেকট্ৰিচিটী কনজিউমাৰ্চ এছ’চিয়েশ্বনে

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ বিদ্যুৎ বিতৰণ কোম্পানী এপিডিচিএলে ২০২৪-২৫ অৰ্থ বছৰৰ বিদ্যুতৰ মাচুল নিৰ্ধাৰনৰ বাবে বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰা প্ৰস্তাৱ সন্দৰ্ভত আজি আয়োগে অনুষ্ঠিত কৰা ৰাজহুৱা শুনানীত ৰাজ্যৰ সাধাৰণ বিদ্যুৎ গ্ৰাহকৰ উমৈহতীয়া মঞ্চ’অল আছাম ইলেকট্ৰিচিটি কনজিউমাৰ্ছ এছচিয়েচনে অংশগ্ৰহণ কৰে। এছচিয়েচনৰ উপদেষ্টা বিমল দাসৰ নেতৃত্বত তিনিজনীয়া এক প্ৰতিনিধি দলে শুনানীত অংশগ্ৰহণ কৰি কয়, কনজিউমাৰ্ছ এছচিয়েচনে ইতিমধ্যেই এপিডিচিএলৰ বিদ্যুতৰ মাচুল নিৰ্ধাৰণৰ প্ৰস্তাৱ সন্দৰ্ভত ওজৰ-আপত্তি নিয়ামক আয়োগৰ ওচৰত দাখিল কৰিছে।তাত কোৱা হৈছে, অসমত বিদ্যুতৰ মাচুল বৃদ্ধি কৰা এক নিয়মত পৰিণত কৰা হৈছে।মাচুল নিৰ্ধাৰণৰ ক্ষেত্ৰত বিদ্যুৎ আইন,২০০৩ৰ ৬১ নং ধাৰাক আখৰে আখৰে মানি চলা উচিত য’ত দক্ষতা, প্ৰতিযোগিতাক উৎসাহিত কৰিব পৰা কাৰক,সম্পদৰ উচিত আৰু লাভজনক ব্যৱহাৰ, সৰ্বোত্তম বিনিয়োগ আৰু সাধাৰণ গ্ৰাহকৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ কথা কোৱা হৈছে।কনজিউমাৰ্ছ এছচিয়েচনৰ পক্ষৰ পৰা আৰু কোৱা হয় যে, বিদ্যুৎ ক্ৰয়ৰ খৰচ এপিডিচিএলৰ এটা প্ৰধান খৰচ যদিও ইয়াৰ অজুহাতত মাচুল বৃদ্ধি কৰাৰ বিষয়টো উপযুক্ত আৰু অভিজ্ঞ লোকৰ দ্বাৰা সূক্ষ্মভাৱে বিশ্লেষণ কৰি চোৱা প্ৰয়োজন। ইয়াৰোপৰি আৰু কোৱা হয় যে, এপিডিচিএলৰ কিছুমান নিজাববীয়া সিদ্ধান্ত কোম্পানীটোৰ লোকচানৰ অন্যতম কাৰণ।এইবোৰ সিদ্ধান্তই গ্ৰাহকসকলৰ স্বাৰ্থক বিঘ্নিত কৰি আহিছে।উদাহৰণ হিচাপে ওজৰ-আপত্তি নিষ্পত্তিকৰণ ফোৰামত দাখিল কৰা মামলা নং২০/২০২১ ৰ কথা উল্লেখনীয়।এইদৰে এপিডিচিএলৰ ওপৰ মহলাৰ দুৰ্নীতিৰ পৰিণাম ভূগিবলগীয়া হৈছে সাধাৰণ গ্ৰাহকে।বিদ্যুতৰ সৰ্বোচ্চ চাহিদাৰ সময়ত কিছুমান অসাধূ ফেক্টৰীয়ে চিটিপিটি নষ্ট হোৱা নাইবা জ্বলি যোৱাৰ অজুহাতত এপিডিচিএলৰ ওপৰ মহলাৰ লগত গোপন বুজাবুজি কৰি মিটাৰ অবিহনেই বিদ্যুৎ ব্যৱহাৰ কৰাৰ কাৰণে চৰকাৰৰ যি প্ৰচুৰ পৰিমাণ লোকচান হয় সেয়া পূৰণ কৰাৰ কাৰণে সাধাৰণ গ্ৰাহকৰ কান্ধত মাচুল বৃদ্ধিৰ বোজা জাপি দিয়া হয়।এইধৰণৰ দুৰ্নীতি অবিলম্বে বন্ধ হোৱা উচিত বুলি কনজিউমাৰ্ছ এছচিয়েচনে আয়োগৰ ওচৰত দৃঢ় অভিমত প্ৰকাশ কৰে।কনজিউমাৰ্ছ এছচিয়েচনৰ পক্ষৰ পৰা এইটোও উল্লেখ কৰা হয় যে, নিয়ামক আয়োগৰ যোৱা বছৰৰ নিৰ্দেশত কোৱা হৈছিল যে উপ-সংমন্ডল পৰ্যায়ৰ পৰা সকলো ঠাইত গ্ৰাহকৰ ওজৰ-আপত্তি নিষ্পত্তিকৰণ ফোৰামবোৰ গঢ়ি তুলিব লাগিব।কিন্তু আজিলৈকে সেয়া কাৰ্যকৰ নহ’ল। এছচিয়েচনে উল্লেখ কৰা উপৰোক্ত বিষয়বোৰ গুৰুত্ব সহকাৰে বিবেচনাত লৈ কোনোধৰণৰ মাচুল বৃদ্ধি কৰাৰ পৰা বিৰত থাকিবলৈ নিয়ামক আয়োগৰ প্ৰতি আহ্বান জনায় অল আছাম ইলেকট্ৰিচিটি কনজিউমাৰ্ছ এছচিয়েচনে৷