কংগ্ৰেছৰ পৰা পদত্যাগ ৰাণা গোস্বামীৰ

কংগ্ৰেছৰ পৰা পদত্যাগ ৰাণা গোস্বামীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম প্ৰদেশ কংগ্ৰেছত অৱ্যাহত আছে খহনীয়াৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ পদত্যাগ। ৰাণা গোস্বামীয়ে তেওঁৰ পদত্যাগ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰে। প্ৰাথমিক সদস্য পদ ত্যাগ কৰাৰ কথা উল্লেখ কৰি ৰাণা গোস্বামীয়ে সভাপতি বৰাৰ হাতত পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।ৰাণা গোস্বামীৰ এই পদত্যাগৰ পাচতে গেৰুৱা বসন পিন্ধাৰ পূৰ্ণ সম্ভাৱনা থকাৰ কথা জানিব পৰা গৈছে। উল্লেখ্য যে ৰাণা গোস্বামী প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত আছিল। তেওঁৰ পদত্যাগে দলত কি প্ৰভাৱ পেলাই পৰৱৰ্তী সময়ত সেয়া লক্ষ্যণীয় হ’ব। উল্লেখ কৰা প্ৰয়োজন যে, লোকসভা নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত ইটোৰ পিছত সিটো ঘটনাই জুৰুলা কৰিছে অসম প্ৰদেশ কংগ্ৰেছক। দলটোৰ কেইবাগৰাকীও বিধায়কে মুকলিকৈ বিজেপি তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰাৰ পিছত ৰাজ্যজুৰি বহু শতাধিক নেতা-কৰ্মীয়ে এৰিছিল কংগ্ৰেছ দল।