নদী মাথোঁ বয় – এছ ইছলাম

PC - iStock
নদী মাথোঁ বয়
এছ ইছলাম, বৰপেটা 
নদী তুমি বৈ যোৱা নিৰৱধি
বৈ আছা অবিচ্ছিন্ন অৱধি
তোমাৰ গৰ্ভত হেৰাই গ’ল
কত যে সেউজ ভূমি!
সৃষ্টি কৰা তুমি
খাল-বিল ডোঙা-ডুঙী
কিমান যে গভীৰ তুমি !
নুশুকায় তোমাৰ পানী।
তোমাৰ বুকুত চলাচল কৰোঁ আমি
তুমিয়ে পলস পেলোৱা অজস্ৰ ভূমি
খেতি-বাতি কৰোঁ আমি
প্ৰাচীন কালৰে পৰাই
তোমাৰ কথা পাহৰা নাই।
তুমি আদি তুমি অন্ত
তোমাৰ  গৰ্ভত মাছ-কাছ জীৱন্ত
চিৰ প্ৰৱাহমান তুমি
তোমাৰ পাৰত বসতি কৰোঁ আমি ।
তুমি ইপাৰ ভাঙা সিপাৰ গঢ়া
তুমিয়ে পলস পেলোৱা
সেউজীয়া পথাৰত ফচল বাঢ়ে
চহাৰ সৰল-প্ৰাণ হৰণ কৰে।
তুমি সৃষ্টি কৰ্তাৰ বিধান
তোমাৰ নাই কোনো সমাধান
তুমি আছা চিৰ প্ৰবাহমান
আমিহে মাথোঁ ৰূপান্তৰণ।