বিনীতা দেৱীক ওস্তাদ বিছমিল্লা খা বঁটা ঘোষণা

বিনীতা দেৱীক ওস্তাদ বিছমিল্লা খা বঁটা ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  সংগীত নাটক অকাডেমী ফেল’স্বিপ, সংগীত নাটক অকাডেমী, ওস্তাদ বিছমিল্লা খা বঁটা  ঘোষণা কৰা হয়। অসমৰ বাবে শুভ ক্ষণ যে অসমৰ পৰা হেৰাই যাব ওলোৱা কলা পুতলা নাচৰ বাবে বিনীতা দেৱীয়ে ওস্তাদ বিছমিল্লা খা বঁটা পায়। তেওঁ ২০০৩ চনৰ পৰা পুতলা নাচ কলাৰ লগত জৰিত। ২০০৫ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা স্কলাৰশ্বিপ, জুনি়য়ৰ ফেল’ স্বিপ, ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ ফেল’ স্বিপ পাইছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে। তেওঁ NCERT, CCRT, Vigyan Prasar, SCERT, Astec ৰ সমল ব্যক্তি হিচাবে শিক্ষা প্ৰদান কৰি অহাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ বিভিন্ন বিদ্যালয়, বিশ্ববিদ্যালয় সমূহত আলোচনা চক্ৰ আৰু কৰ্মশালাত পুতলা নাচৰ বিষয়লৈ প্ৰশিক্ষণ দি আহিছে। তেওঁ সুৰজিৎ একাডেমীৰ অধ্যক্ষা। ২০২২ চনত NCERT য়ে শ্ৰেষ্ঠ পুতলা নাচ শিল্পী বঁটা ও পাইছিল৷কাইলৈ কলিকতা বিশ্ববিদ্যালয় ইনষ্টিটিউট প্ৰেক্ষাগৃহত আয়োজিত ৰাষ্ট্ৰীয় পুতলা নাচ সমাৰোহৰ বাবে তেওঁ পুতলা নাচ পৰিৱেশনৰ বাবে গৈ আছে বুলি জানিব পৰা গৈছে।