বিজেপিৰ পৰা উপেন ৰাজ নাথ পদত্যাগ

বিজেপিৰ পৰা উপেন ৰাজ নাথ পদত্যাগ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত বিজেপি দলৰ সদ্য পদত্যাগী মিডিয়া চেলৰ নেতা উপেন ৰাজ নাথে এখন সংবাদ মেল অনুষ্ঠিত কৰে। উক্ত সংবাদ মেলত তেওঁৰ পদত্যাগ পত্ৰ ৰাজহুৱা কৰি সাংবাদিকৰ আগত কয় যে ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভাষণ প্ৰসংগত কোৱা, ৰাজ্যত ‘কা ‘ আইন বলবৎ কৰা কথাৰ বিৰোধিতা কৰি তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ পৰা পদত্যাগ কৰিছে। কিয়নো ৰাজ্যৰ সকলোৱে বিৰোধিতা কৰি অহা ‘কা ‘ আইনৰ ভয়াবহতাৰ কথা সকলোৱে জানে। দ্বিতীয়তে বিজেপি দলৰ ঘৃণাৰ ৰাজনীতিৰ বাবে তেওঁৰ মন ভাৰাক্ৰান্ত হৈ পৰিছে।মূখ্যত এই দুটা কাৰণেত তেওঁ বিজেপি দলৰ পৰা পদত্যাগ কৰা বুলি তেওঁ কয়।আনহাতে তেওঁ বৰ্তমান কোন দলত যোগদান কৰিব সেয়া উল্লেখ কৰা নাই যদিও তেওঁ জাতীয়তাবাদত বিশ্বাসী আৰু শোণিতপুৰ জিলাৰ পৰা নিৰ্বাচন খেলাৰ পোষকতা কৰিছে।