মাতৃভাষাৰ চিন্তা কৰিছে কোনে?
বিপিন টায়ে, ধেমাজি
নিজৰ ভাষা ক’বলৈ লাজ লাগে বোলে
ইংৰাজীত নক’লে হেনো
ডাঙৰ মানুহ বুলি নাভাৱে
ঘৰত আইৰ বনোৱা পৰম্পৰাগত খাদ্য
আজিকালি খাবলৈ সোৱাদ নহ’ল।
হোটেল নতুবা ৰেষ্টুৰেণ্টত
চাওমিন অথবা চিকেন হে
এতিয়া বৰ সোৱাদৰ।
নিজৰ পৰম্পৰাগত খাদ্য পাঁহৰি গ’ল
সৰুৰে পৰা ইংলিছ মেডিয়ামত পঢ়ি
ডাঙৰ অফিচাৰ হ’ল।
যদিওঁ আছে ডাঙৰ ডিগ্ৰী
নতুবা ডাঙৰ চাকৰি
তথাপি নিজৰ মাতৃভাষাক হেৰুৱাই
হ’ব জানো সেইজন সুখী ।
কোনোদিন বিদ্যালয়ত ভৰি দি নোপোৱা
সেই অশিক্ষিত মানুহজন কৈছেই যেনিবা
নিজৰ মাতৃভাষা,
তেওঁতো নাজানে শব্দবোৰ কেনেকৈ লিখে।
যদি অশিক্ষিত মানুহজন লিখিব নাজানে
শিক্ষিত মানুহজন ক’ব নাজানে
তেন্তে মাতৃভাষাক জীয়াই ৰাখিব কোনে?