ফাগুনৰ অনুভূতি-সুষমা গোস্বামী,যোৰহাট

pc-printrest

” ফাগুনৰ অনুভূতি “.__
সুষমা গোস্বামী ,

এয়েই নেকি ফাগুন ,
যাৰ আগমনত হয় থৌকি-বাথৌ হিঁয়া….
দেহা মন কৰে উচাটন ?

ফুলে ফুলে প্ৰজাপতিগণে কৰে ,
মৌমাখিৰ গুঞ্জন ,
তাকে শুনি – পচোৱাইও
লগত লৈ অনা ,
গা মন জুৰাই যোৱা শীতলা বতাহ চাটিৰে
বিলালেহি মৰতত ফাগুনৰ বতৰা ।
হিঁয়াত তুলিলে খলক…অনেক অনেক
অলিক কল্পনাৰ ॥

শুষ্ক পাতৰ কৰ্কশ ধ্বনিয়ে মাতিলে মোক…
হাত বাউলি বাহিৰলৈ বুলি !
চোঁৱাহিচোন ! আহিছে সেইয়া… !
নহয়নে বাৰু শুকানী ফাগুনী ?

মদাৰ , পলাশ আৰু সোণাৰুৰ সতে মিলি,
বেজাৰ মনেৰে মুখ ওন্দোলাই বহি থকা এজাৰকো
মাতি আনি….
ৰঙ্গা , হালধীয়া আৰু বেঙ্গুণী বোলেৰে ,
প্ৰকৃতিয়ে সজালে …..
নিজকে আটক ধুনীয়া কৰি ।

বুটা বচা ৰিহাখনি,
পচোৱাই সংগোপনে আনি
ধৰাত দিলেহি মেলি ॥

শুষ্ক বল্কলধাৰী , লঠঙা গছ কেইজোপাইও…..
বল্কল পৰিহাৰ কৰি , সজাইছে নিজক নিজে
সেউজী সেউজী কৰি ।।

গীতিকাৰে ভৱাৰদৰে…” ফাগুন মাঠো এটি ঋতুনহয় ,
নহয় ফাগুন এটি মাহ “_কবিৰ কাব্য কাননত অংকুৰিত
হোৱা – ই , গুটি গুটি কবিতাৰ এধাৰী মুকুতাৰ হাৰ ॥

চঞ্চল ভাৱেৰে বোৱা কোমল মলয়া চাটিয়ে ,
দেহাত তুলিলেহি মৃদু শীহৰণ…..
লাহে লাহে শ্ৰী হৰিয়ে ধৰাত কৰিলে পদাৰ্পণ ।

শুনি নুপুৰধ্বনি , মুহীত জগতবাসী ,
সানি ললে হিঁয়াত সবে ৰঙ্গীন আৱীৰ…..
কৰি স্তুতি গান – গোবৰ্দ্ধনধাৰীৰ

হিল-দল ভাঙি চিঙি…..
বৰদৈচিলা জনী….
কিয়নো আহিব লাগে , ফাগুনৰ শেষত ??

চেগতে বৰুণে আহি পাতিলে জল – কেলি ,
বসন্তইও আনন্দতে সাবটিলে ধৰাখনিক….
অনিন্দ্য সুন্দৰ কৰি ॥

যোৰহাট