মই এটি পিঞ্জৰাবদ্ধ জীৱ – ৰুমী কলিতা  দত্ত

মই এটি পিঞ্জৰাবদ্ধ জীৱ
ৰুমী কলিতা  দত্ত, ডিব্ৰুগড়
অ বন্ধু মই এটা পিঞ্জৰাবদ্ধ জীৱ
তোমালোকে মোক  চাবলৈ বৰ হেঁপাহ কৰা
কিন্তু, মোক জানো চুই চাব পাৰিবা
গিৰিহঁতে মোক পিঞ্জৰাত ভৰাই
এডাল শকত শিকলি লগাই তলা বন্ধ কৰিছে।
তেওঁ মোৰ কোনো প্ৰাৰ্থনা নুশুনে
তেওঁৰ প্ৰবল ইচ্ছা জাগিলে মোক লৈ
আনন্দ উপভোগ কৰিছে  ।
আৰু মই…
গঁড়ালৰ ভিতৰহে ইফাল-সিফাল কৰি
মৃত্যুৰ ক্ষণ গণি থাকিব লগা হৈছে ।
অ বন্ধু মোক মুক্ত কৰি দিয়ানা !
শত সহস্ৰবাৰ প্ৰাৰ্থনা কৰি কৈছোঁ
মোক এখন মুকলি আকাশ দিয়া
এখন মুকলি পৃথিৱী লাগে  মোক
মোক দীঘল উশাহ লব পৰাকৈ
অলপ বায়ু লাগে বন্ধু ।
তোমালোকৰ দৰে ময়ো পৃথিৱী সজাই
সময়ক আহ্বান জনাব বিচাৰোঁ
আনন্দত জপিয়াই ফুৰিব খোজো
বন্ধুৰ সতে মিতিৰালি কৰিব পাৰোঁ ।
এনেকৈ আৰু কিমানদিন থাকিম কোৱা !
সুউচ্চ পৰ্বতৰ শিখৰৰ পৰা
মনটো লাহে লাহে নামি আহিছে,
সময়বোৰে বাৰে বাৰে সোঁৱৰাই দিছে
মোৰ মৃত্যু চমু চাপি আহিছে
মোৰ এতিয়া চকুপানীবোৰো শুকাই গৈছে ।