মাতৃভূমি – ৰশ্মি ৰেখা দুৱৰা

PC - Getty Images

মাতৃভূমি

ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়

অচিন মাটিৰ সুৰে নাজাগে মন
নুখোলে মনৰ দুৱাৰ
খু-দুৱাই নাথাকে অযুত ভাৱনাই,
আপোন মাটিৰ সুৰত মন হয় থৌকি-বাথৌ
বিচাৰি পাওঁ বুজাব নোৱাৰা সুখানুভূতি
আপোন মাটিৰ সুৰে কৈ যায়
জননী জন্মভূমিৰ মমতা কিমান।
গছে-বনে,ফুলে-ফলে পৰিপূৰ্ণ মাতৃভূমি
মাতৃভূমিয়ে দিয়া নাই কি?
ধুনীয়া ধৰণীত আই,বাই-ভনীৰে
বান্ধি দিছে শিলৰ সাঁকো,
গঢ় দিছে মাতৃৰ মৰম বুজিব পৰাকৈ
একোখনি হৃদয়…
সুখ-দুখৰ সমভাগী হৈ
মাতৃভূমিৰ তপত উশাহত
কাষত থিয় দিয়াজনেই প্ৰকৃত সন্তান,
মাতৃভূমিয়ে মৌন হৈ চকুলো টুকে
পৰিৱেশ পৰিস্থিতিৰ মেৰপাকত…
অ’ মোৰ অসমী মাতৃভূমি
তোমাৰ সন্তানৰ সৎ সাহসৰ অভাৱ,
ভীৰু হৈ থাকিলে নহ’ব
জাগিব লাগিব সকলো সন্তান
তৰিব লাগিব দেশৰ নাম
তেহে থাকিব মাতৃভূমিৰ মান।