দুই নাৱত দুই ভৰি – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Getty Images

দুই নাৱত দুই ভৰি

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আচলতে যেনেকৈ নদী এখনৰ ওপৰেৰে দুখন নাৱত দুটা ভৰি থৈ যোৱাটো প্ৰায় প্ৰতিজন মানুহৰে ক্ষেত্ৰত সম্ভৱপৰ নহয়, লগতে বিপদজনকো । কাৰণ দুটা ভৰি দুখন নাৱত দি গ’লে নাৱ দুখনৰ কোন মুহূৰ্তত ভাৰসাম্য নাইকীয়া হ’ব পাৰে কোনেওঁ ক’ব নোৱাৰে। ইয়াৰ উপৰিও অন্তিম ক্ষণত বিপদত পৰা দেখি যেতিয়া দুখন নাৱৰ পৰা ভৰিটো একেখন নাৱলৈ আনিবলৈ চেষ্টা কৰিলেওঁ পানীত পৰাৰ সম্ভাৱনা অত্যধিক হৈ পৰে । গতিকে সচৰাচৰ দুয়োটা দিশতে বিপদত পৰা সম্ভাৱনাটো অধিক নহয়নে ? কিন্তু আমাৰ মাজতে সামান্য কিছুমান মানুহে এই অসম্ভৱনীয় দিশত পাৰদক্ষতা আয়ত্ব কৰিবলৈ সক্ষম হয়। কিন্তু আজিৰ সময়তো তেনেধৰণৰ লোকৰ সংখ্যা আমাৰ সমাজত একেবাৰে সীমিত বুলিয়ে উল্লেখ কৰিব লাগিব। কাৰণ প্ৰকৃত অৰ্থত কবলৈ গলে আমি প্ৰায়বোৰ মানুহে একেটা সময়ত কেৱল মাত্ৰ এটা দিশতে মনোনিবেশ কৰাটো সম্ভৱপৰ হয়। অৰ্থাৎ আপোনালোকে মন কৰিবচোন আমি যেতিয়া সংগীত এটা শুনাৰ আনন্দ লৈ থকাৰ লগে লগে যেতিয়া অন্য কিবা কামত ব্যস্ত হৈ পৰো। সেইখিনি সময়ত হয়তো আমাৰ সংগীতৰ পৰা মন বিচ্ছিন্ন হয়। আনহাতে যেতিয়া সংগীতক শুনিবলৈ মনযোগ প্ৰদান কৰো তেন্তে কৰি থকা কামৰ পৰা মন আঁতৰি আহে। এইটো কামত একেবাৰে ক্ষনভৰ সময়ৰ অন্তৰ থাকে। আৰু আমি মনে মনে ভাবি থাকো যে, সংগীত শুনাৰ লগে লগে কামবোৰো সমগতিত কৰি গৈ আছোঁ।আচলতে মোৰ কোৱাৰ তাৎপৰ্য এইটোৱে যে, দুই নাৱত দুই ভৰি দি একো বিশংগতিৰ অবিহনে আগুৱাই যোৱাটো আমি প্ৰায়বোৰ মানুহৰে ক্ষেত্ৰত সম্ভৱপৰ নহয়। গতিকে জীৱনত সকলো দিশতে অলপ অলপ কৰি চেষ্টা অব্যাহত ৰখাৰ পৰিবৰ্তে আমি যদি একেটা দিশতে সদায় মনোনিবেশ কৰি থাকো তেন্তে এটা সময়ত গৈ সেই দিশটোত ওপৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিম। গতিকে জীৱনত এতাতকৈ অধিক সিদ্ধান্ত গ্ৰহণ কৰি একেটা সময়ত কি কৰিব বা কি নকৰিব তাকে ভাবি বিমোৰত পৰাতকৈ একেবাৰে সঠিক একেটাই সিদ্ধান্তৰ জৰিয়তে আগুৱাই যোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। ইয়াৰ ফলত হ’ব পাৰে আপুনি আকাশক স্পৰ্শ কৰিব নোৱাৰিলে অন্যান্য মানুহৰ তুলনাত পৃথিৱীৰ পৰা অলপমান হ’লেওঁ ওপৰলৈ উঠিবলৈ সক্ষম হ’ব।আনহাতে কেতিয়াবা কিন্তু বিপদত পৰিলেওঁ মানুহৰ মন বিচলিত হ’বলৈ ধৰে। বিপদৰ সময়ত আমি কি কৰিব,কি নকৰিম বুলি একেবাৰে হতাশ হৈ দুই নাৱত দুই ভৰি থৈ সমস্যাৰ সমাধান বিচাৰিবলৈ ধৰো। কিন্তু বিপদৰ সময়ত ভুলতো এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। অন্যথা জীৱন ধৰাতললৈ গতি কৰিবলৈ ধৰিব। জীৱন প্ৰগতিৰ বাবে বিভিন্ন ধৰণৰ দিশসমূহ সামৰি পৰীক্ষণ কৰাৰ প্ৰক্ৰিয়াত অবতীৰ্ণ হ’বলৈ আৰু আনহাতে জীৱন বিপদে পৰিচালিত হোৱাৰ সময়তো দুই নাৱত দুই ভৰি দিয়াৰ পৰা সদায় বঞ্চিত থাকক।