অভিমান-ভক্তি চাংমাই

অভিমান
ভক্তি চাংমাই
ধেমাজি 

মুখত জিলিকি থকা আপোনাৰ

মিঠা বৰণীয়া হাঁহিটি
মোৰ খুবেই প্ৰিয়।
মায়াহনা আপোনাৰ চকুযুৰি,
অনিচ্ছা সত্ত্বেও বাধ্য আপোনাৰ প্ৰেমত পৰিবলৈ।
এই যে কথাৰ মাজতে
হঠাৎ অবুজ প্ৰাণীৰ দৰে
কিয় হয় বাৰু আপুনি
অভিমান কৰে নেকি…?
শৰীৰৰ স্পৰ্শৰে নহয়,
মাথোঁ প্ৰাণ ভৰি এবাৰ চাবলৈ
মইও বিচাৰোঁ আপোনাৰ সান্নিধ্য ….
মন যায় মোৰো আপোনাৰ
ওপৰত অভিমান কৰিবলৈ।
অৱশ্যে
অভিমানৰ কোনো সংজ্ঞা
নথকা আপোনাৰ প্ৰেমৰ অভিধানখনত
ভালপোৱাৰ জানো কিবা মূল্য আছে।
প্ৰথমে মৰম।
এতিয়া কিয় অৱহেলা
চাগে এইয়াই আপোনাৰ প্ৰেম?
বাৰু,আক্ষেপ নকৰোঁ
তথাপি যদি প্ৰশ্ন কৰো
মই বাৰু আপোনাৰ কোন ?
উত্তৰটো অৱশ্যে নাহে কোনো কালে।
হৃদয়ৰ অনুভূতিবোৰক কাব্যিক ভাষাৰে
সজাই তুলিবলৈ মই কোনো কবি নহয়।
 মাথোঁ মৰম আকলুৱা এজনী প্ৰেমিকা
 যাৰ বাবে ভালপোৱা এতিয়া মাথোঁ
 উৱলি যোৱা এখিলা কাগজৰ টুকুৰা।