গোলাপ ফুলবোৰ – ৰাহুল কোঁৱৰ

PC - Wallpaper Flare
গোলাপ ফুলবোৰ
ৰাহুল কোঁৱৰ, তিনিচুকীয়া
গোলাপবোৰ তেজৰঙা আৰু অনেক বৰ্ণৰ কিয় !
তেজৰঙা গোলাপবোৰত কাইঁটৰ ভিৰ কিয় বাৰু !
ইমান মনোৰঞ্জন , ইমান সুবাস , ইমান আকৰ্ষণীয়
গোলাপক ফুলৰ ৰাণী কয় ,
ভোমোৰাই আলফুলে পৰে , পাহী যে কোমল তাৰ
মৌ চুহে , মৌবনত গোলাপৰ যৌৱন যে কাঢ়ে
তেজৰঙা গোলাপবোৰ সৰি পৰি পৰে জয় ৷
ভিৰ কাইঁটৰ পৰাওঁ এপাহি ছিঙে
প্ৰিয়তমা সেই স্নিগ্ধ হাতে
দুহাত যে হয় বিষন্ন
গোলাপবোৰ জ্যোতি উদ্যানত অম্বেষণ
ছিঙে যে আদৰ নকৰে ৷
গোলাপ হেনো এক প্ৰকাৰ সুপৰিচিত ফুল
সৌন্দৰ্যৰ প্ৰতীক আৰু ভালপোৱাৰ প্ৰতীক হিচাপে সমাদৃত
প্ৰিয়বোৰে কয় ?
গোলাপৰ পাহিৰ গঠন আৰু বিন্যাসত
এক প্ৰকাৰৰ নান্দনিকতা আছে
যি মানুহক আকৃষ্ট কৰে ।
সুগন্ধী গোলাপৰ ঘ্ৰাণো মানুহৰ প্ৰিয়
গোলাপৰ হেনো নিজস্ব কোনো গন্ধ নাই ।
গোলাপবোৰ তেজৰঙা আৰু অনেক বৰ্ণৰ কিয় !
ৰঙীন ৰঙীন গোলাপবোৰ যে সকলোৱে প্ৰিয় ৷