কুঁৱলীত আচ্ছাদিত জোনটি – নাছিৰ আহমেদ

PC - Space.com
কুঁৱলীত আচ্ছাদিত জোনটি 
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
কুঁৱলীত আচ্ছাদিত জোনটি
আকাশখনে মেলি দিছে শেঁতাপৰা মুখনি
 একুৰা জুইত সেকি ললো কলিজাটি ।
দূৰৈৰ পাহাৰত বাজি উঠে বিষাদৰ বাঁহীটি,
 মধুসূদন দত্তৰ আখলত পোৰা গৰৈ মাছৰ গোন্ধত
ঠেঁটুৱে লগা জাৰত এজাক শিশুৰ মুখত বোবা ক্ৰন্দন !
কুঁৱলীত আচ্ছাদিত জোনটি
 শুষ্ক তৰুৰ জীৰ্ণ পত্ৰত নিয়ৰ -চকুলো সৰি সৰি পৰে ।
 পাট গাভৰু শেৱালিৰ ফটা-চিঙা ওখ গৰাত
ৰুদ্ধ স্ৰোতৰ এক উন্মাদপ্ৰায় নদীৰ মুক্তি-বিহ্বল যন্ত্ৰণা !
  অলিয়ে গলিয়ে পৰি আছে জীৱন্মৃত নৰকঙ্কাল ।
জন্মান্ধ ধৃতৰাষ্ট্ৰ অনুভূতি-শূন্য অবিবেচক ৰাষ্ট্ৰ নেতাৰ
 বিচাৰৰ তৰ্জুত বান্দৰৰ পিঠা ভগোৱা কৃত্ৰিম বুদ্ধিমত্তা !
কুঁৱলীত আচ্ছাদিত জোনটি
আকাশখনে মেলি দিছে শেঁতাপৰা মুখনি
 বুকুৰ আধাপোৰা ৰুটিটি তেজেৰে তুমুৰলি হ’ল।
আলীৰ পুখুৰীত ভৰি পৰিল সাম্প্ৰদায়িকতাৰ বীজ
ৰাম-ৰহিমৰ উপাসনা গৃহ কেৱল বিভেদৰ মন্ত্ৰণালয় !
এতিয়া আল্লাহ-ঈশ্বৰ-গডেও হ’ল কাৰাগাৰত বন্দী !
কুঁৱলীত আচ্ছাদিত জোনটি
হিংসাত্মক ঘটনাৰ ধুম্ৰজালত খণ্ড-বিখণ্ড হৈ
কালৰ গতিত অনুৰ্বৰ মালভূমিত অধুনালুপ্ত হ’ল !!