ডিব্ৰুগড় নগৰক খহনীয়াৰ আতংকৰ পৰা ৰক্ষাৰ বাবে মুঠ সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ খহনীয়া স্থলী প্ৰতিৰোধ আঁচনিৰ শুভাৰম্ভ

ডিব্ৰুগড় নগৰক খহনীয়াৰ আতংকৰ পৰা ৰক্ষাৰ বাবে মুঠ সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ খহনীয়া স্থলী প্ৰতিৰোধ আঁচনিৰ শুভাৰম্ভ

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- আই আই টি জৰিয়তে গৱেষণা কৰি অত্যাধুনিক ভাৱে খহনীয়া প্ৰতিৰোধ আঁচনি যুগুত কৰিছে জলসম্পদ বিভাগে। আই আই টিৰ এটি বৃহৎ দলে গৱেষণাৰ জৰিয়তে দিয়া প্ৰতিবেদনৰ ভিত্তিত ডিব্ৰুগড়ত অত্যাধুনিক ভাৱে খহনীয়া প্ৰতিৰোধ হ’ব। ‘নিদা’ আঁচনিৰ জৰিয়তে ৭৫ কোটি টকাৰ আজি )২৫-২-২৫) আঁচনিৰ শুভাৰম্ভ কৰে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে। এই আচঁনিৰ জৰিয়তে নগৰ সুৰক্ষা বান্ধৰ কাৰণে ২৪ কোটি আৰু ২৭ কোটি টকাৰ দুটা স্পাৰ নিৰ্মাণ হোৱা লগতে ১৬ কোটি আৰু ৯ কোটি টকাৰ জি’অবেগ থাকিব।আনহাতে ‘এছিয়ান ডেভেলপমেন্ট বেংক’ৰ জৰিয়তেও আন এটা প্ৰকল্পৰ কাম সমান্তৰাল ভাৱে হৈ আছে খহনীয়াৰ প্ৰতিৰোধৰ বাবে। উল্লেখযোগ্য যে, ঐতিহাসিক ডিব্ৰুগড় চহৰ খনক ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ পৰা ৰক্ষা কৰাৰ বাবেই ১৯৫০ চনতে দেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে নগৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰিছিল “নগৰ সুৰক্ষা বান্ধ”। কিন্তু পৰৱৰ্তী সময়ত নগৰ সুৰক্ষাৰ বান্ধৰ কাষত ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰি বহু স্থানত সুৰক্ষা বান্ধৰ কাষত অৱস্থিতি গ্ৰহণ কৰা লগতে নগৰ সুৰক্ষা বান্ধৰ প্ৰতি অকল ভাবুকিয়েই সৃষ্টি নহয়, ঐতিহাসিক নগৰ খনৰ প্ৰতিয়ো ভাবুকি আৰু নগৰ বাসীক আতংকৃত কৰি আহিছে। প্ৰতিটো বাৰিষাত নগৰ বাসীয়ে বিনিদ্ৰ ৰজনী কটোৱাৰ লগতে ভয়ংকৰ খহনীয়াত জাহ গৈছে বহু ভূমি আৰু আবাসগৃহ। বিশেষকৈ নগৰৰ কছাৰী ঘাট, মাইজান, ফুল বাগান, মোহনাঘাট আদি অঞ্চলত ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰি নগৰ বাসীৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি কৰাৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰ নদীখন নগৰৰ ফাললৈ ধাৱমান হৈছিল। জলসম্পদ বিভাগে খহনীয়া স্থলীত পাৰ্কোপাইন, জি’অবেগ আদিৰে খহনীয়াৰ প্ৰতিৰোধ কৰিবলৈ চেষ্টা চলায় যদিও বিফল হয় এই পদক্ষেপত। অৱশেষত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে জলসম্পদ বিভাগে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ পৰ্যবেক্ষণ আৰু গৱেষণা কৰা বাবে আই আই টিৰ কেইবাজনো বিশেষজ্ঞক প্ৰেৰণ কৰি তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত অত্যাধুনিক ভাৱে প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এই আচঁনিৰ জৰিয়তে ডিব্ৰুগড়ৰ এক জ্বলন্ত সমস্যাৰ সমাধান হ’ব বুলি আশা কৰে বিধায়ক প্ৰশান্ত ফুকনে।