‘হাউলী ৰাস মহোৎসৱ’ৰ শতবর্ষ – ড° বুলজিৎ বুঢ়াগোহাঁই

‘হাউলী ৰাস মহোৎসৱ’ৰ শতবর্ষ

ড° বুলজিৎ বুঢ়াগোহাঁই,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়

    ৯৬ সংখ্যক হাউলী ৰাস মহোৎসৱৰ স্মাৰক সংকলন ‘মুৰুলী’ৰ সম্পাদকদ্বয় হ’ল- বিতুমণি বৰ্মণ আৰু নীলকমল কলিতা। ‘মুৰুলী’ত ৰাসকেন্দ্রিক প্রৱন্ধ-নিৱন্ধৰ উপৰিও শিক্ষাৰ্থী তথা সকলো শ্রেণী পঢ়ুৱৈৰ উপযোগী লেখা প্রকাশ হৈছে। এই স্মাৰক সংকলনখন  সংৰক্ষণযোগ্য ।  এনে এখন স্মাৰক সংকল সম্পাদনা কৰা বাবে সম্পাদনা সমিতিক ধন্যবাদ জনাইছো। ‘মুৰুলী’ত প্রকাশ হোৱা দুটা বিশেষ লেখাৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছো। এটা লেখা হ’ল – হেমেন দাসৰ ‘পূৰ্ণতাৰ দুৱাৰ-দলিত প্রত্যয়ৰ এশ বছৰঃ আশা আৰু প্রত্যাশা’। এই লেখাটোত হাউলী ৰাস মহোৎসৱৰ সমাগত শত-বাৰ্ষিকী কেনেদৰে পালন কৰিব পৰা তাৰ বিষয়ে মনৰ ভাব প্রকাশ কৰিছে।  সেইবোৰ ভিতৰত কেইটামান হ’ল – শীৰ্ষ গীত (Theme song) , শত-বৰ্ষ স্মাৰক গ্রন্থ, স্মাৰক ডাক-টিকট, শতবৰ্ষ তোৰণ, শতবৰ্ষৰ উদ্যান ,শিক্ষানুষ্ঠানৰ পোষণ, নৱ-প্রজন্মৰ বৌদ্ধিক বিকাশ, ক্রীড়া, সাংস্কৃতিক আৰু সাহিত্য সমাৰোহ, কৃষক সমাৰোহ, আন্তঃগ্রাম্য সমাৰোহ , সমূহীয়া অনাতাঁৰকেন্দ্র (Community Radio Centre) , ভাৰ্চুয়াল সাংস্কৃতিক বিশ্ববিদ্যালয় (Virtul Cultural University) আদি। আনটো লেখা হ’ল – ড° নিৰ্মল ৰঞ্জন মজুমদাৰৰ ‘শতবৰ্ষৰ পদূলিত হাউলীৰ ৰাস মহোৎসৱ আৰু কিছু ব্যক্তিগত অনুভৱ’। এই লেখাটোত এগৰাকী শুভাকাংক্ষী হিচাপে শতবৰ্ষীয় হাউলীৰ ৰাস মহোৎসৱৰ পৰা কি আশা কৰে তাৰ বিষয়ে উল্লেখ কৰিছে। সেইবোৰ ভিতৰত কেইটামান হ’ল – স্মাৰক ডাক টিকট মুকলি, শতবৰ্ষ স্মাৰকবেদী নিৰ্মাণ, হাউলী বঁটা প্রাপকৰ জীৱনী প্রকাশ, বিশেষ জলপানিৰ ব্যৱস্থা, ‘মুৰুলী’ৰ নিৰ্বাচিত প্রৱন্ধৰ সংকলন, গ্রন্থ প্রকাশন কোষ, ব্যক্তিত্ব উৎকৰ্ষ সাধন কেন্দ্র , পূৰ্ণ পৰ্যায়ৰ অধ্যয়ন কেন্দ্র , হাউলী (শত বৰ্ষ বিশেষ) বঁটা আদি। হাউলী ৰাস উদযাপন সমিতিয়ে শতবর্ষ পালনৰ বৰ্ষতেই সমগ্র অসন এশ গৰাকী নির্বাচিত ব্যক্তিক হাউলী (শতবর্ষ বিশেষ) বঁটাৰে সন্মানিত কৰাৰ দিহা কৰিব পাৰে বুলি ড° মজুমদাৰে উল্লেখ কৰিছে ।

আমি ভাবো হেমেন দাস আৰু ড° নিৰ্মল ৰঞ্জন মজুমদাৰে উল্লেখ কৰা বিষয়বোৰ যদি কাৰ্যকৰী কৰিব পৰা যায় তেতিয়া হ’লে বহুত ভাল হ’ব । ৰাইজে নখ জোকাৰিলে নৈ বয়। আমাৰ ৰাজ্যখনৰ সকলো প্রান্তৰ  জনসাধাৰণ , ভাৰতৰ বিভিন্ন ৰাজ্য  তথা  পৃথিৱীৰ বিভিন্ন অঞ্চলত বসবাস কৰা  প্ৰৱাসী অসমীয়াসকলেও  যদি সহায়-সহযোগিতা আগবঢ়ায় তেন্তে লেখকদ্বয়ে উল্লেখ কৰা বিষয়বোৰ কাৰ্যকৰী কৰাত সহজ হৈ পৰিব। হাউলী ৰাস মহোৎসৱৰ ‘ৱেবছাইট(https://howlyraasmahotsav.org/)’টো উন্নীত কৰি শেহতীয়া তথ্যবোৰ প্রচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিলে ভাল হয়।