শিক্ষা বিভাগে জাৰি কৰিলে নতুন নিৰ্দেশনা 

শিক্ষা বিভাগে জাৰি কৰিলে নতুন নিৰ্দেশনা 

ৰঙিলী বাৰ্ত্তাসেৱা-  শিক্ষা বিভাগে জাৰি কৰা নির্দেশনা অনুসৰি আগন্তুক শিক্ষাবৰ্ষৰ পৰাই শিক্ষার্থীৰ লগতে শিক্ষক-কর্মচাৰী প্রতিজনে বিদ্যালয়ৰ উপস্থিতি অনলাইনযোগে দাখিল কৰিব লাগিব। চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব লগা এই নিয়ম অনুসৰি শিক্ষাসেতু এপৰ জৰিয়তে শিক্ষার্থী আৰু প্ৰতিগৰাকী শিক্ষক-কর্মচাৰীয়ে বিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে অনলাইনত উপস্থিতি দাখিল কৰাটো বাধ্যতামূলক হ’ব। উল্লেখ্য যে বিগত বৰ্ষত শিক্ষাসেতু এপ মুকলি কৰাৰ পিছতে উপস্থিতিৰ অনলাইন ৰেকৰ্ড বাধ্যতামূলক কৰা হৈছে। কিন্তু বহু শিক্ষকে দুর্বল নেটৱৰ্ক, যাতায়াতৰ বিভিন্ন অসুবিধা, এপ ডাউনলোডত অসুবিধা দেখুৱাই উপস্থিতিৰ অনলাইন ৰেকৰ্ডৰ নিৰ্দেশনা পালন কৰা নাছিল। বিষয়টোক লৈ সৃষ্টি হোৱা বিভিন্ন জটিলতাৰ পিছতো শিক্ষা বিভাগে শিক্ষাসেতু এপৰ জৰিয়তে শিক্ষক-ছাত্র-ছাত্ৰীৰ উপস্থিতি দাখিল কৰাৰ নির্দেশনা দিছিল। মুখ্যতঃ একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকে অতিৰিক্ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি দেখুৱাই প্রধানমন্ত্রী পোষণ আঁচনিৰ অধীনত মধ্যাহ্ন ভোজন সামগ্রী আত্মসাৎ কৰি থকাৰ অভিযোগৰ ভিত্তিতে শিক্ষা বিভাগে শিক্ষাসেতু এপৰ জৰিয়তে উপস্থিতি বাধ্যতামূলক কৰিবলৈ বাধ্য হৈছে। ইফালে বিভাগে প্ৰেৰণ কৰা নিৰ্দেশনা অনুসৰি শিক্ষার্থী, শিক্ষক-কর্মচাৰীৰ উপস্থিতি অনলাইন কৰাৰ ক্ষেত্ৰত সকলো দিশ তদাৰক কৰাৰ বাবে বিদ্যালয় পৰিদৰ্শক, জিলা প্রাথমিক শিক্ষা বিষয়া, জিলা মিছন সমন্বয়ক, সমগ্র শিক্ষা আৰু প্রধানমন্ত্রী পোষণ সহকাৰী জিলা ন’ডেল বিষয়াসকলক নির্দেশ প্ৰেৰণ কৰিছে। তেওঁলোকৰ নিজ নিজ অধিকাৰ ক্ষেত্ৰৰ অধীনত অন্তর্ভুক্ত বিদ্যালয়সমূহত শিক্ষাসেতু এপৰ জৰিয়তে উপস্থিতি দাখিল হৈছে নে নাই তাক তীক্ষ্ণভাবে নজৰ দিবলৈ নিৰ্দেশনাত স্পষ্ট কৰা হৈছে। ১ এপ্ৰিলৰ পৰা অনলাইন উপস্থিতি দাখিল নহ’লে শিক্ষকৰ দৰমহা লাভৰ ক্ষেত্ৰতো জটিলতা আহিব বুলি নির্দেশনাত স্পষ্ট কৰা হৈছে।