২৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ চ্যুকাফা ভৱনত অনুষ্ঠিত হব অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিবেশন

২৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ চ্যুকাফা ভৱনত অনুষ্ঠিত হব অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিবেশন

এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ চ্যুকাফা ভৱনত অহা ২৫ ফেব্ৰুৱাৰীত অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিবেশনখনি ডিব্ৰুগড় বাসীৰ লগতে জিলা কবি সন্মিলনৰ সহযোগত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে। আজি(১৮-২’২৪) বৰবৰুৱা ছ্যুকাফা ভৱনত এক সংবাদমেল সম্বোধন কৰি অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিবেশনৰ এদিনীয়া কাৰ্যসূচীৰ বৰ্ণাঢ্য আয়োজন সম্পৰ্কে আদৰণি সমিতিৰ সভাপতি কৃপাল ফুকন , ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সভাপতি বিবিজান দত্ত, আৰু আদৰণি সমিতিৰ সম্পাদক মহেন্দ্ৰ হাজৰিকাই বিস্তৃত কাৰ্যসূচী সন্দৰ্ভত জানিবলৈ দিয়ে। অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি কৃপাল ফুকনে সাংবাদিকৰ আগত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা অসম কবি সন্মিলনৰ অসমৰ বিভিন্ন জিলাৰ পৰা ১২০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰাৰ উপৰিও জিলা কবি সন্মিলনৰ সদস্য সকলে দিহা নামেৰে মঞ্চ উদ্ধোধন , প্ৰয়াত জীৱবিজ্ঞানী প্ৰিন্স চেতিয়াৰ সোঁৱৰণী তোৰণ পৰিয়ালৰ পৰা উৎসৰ্গিত কৰিব বুলি প্ৰকাশ কৰে আৰু মুকলি সভাত পাছ খন গ্ৰন্থ উন্মোচন কৰিব বুলি জানিবলৈ দিয়ে। সংবাদ মেল খনত আদৰণি সমিতিৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়ামতে অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতিয়ে ৩ গৰাকী বিশিষ্ট কবি, সাহিত্যিক, বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱা লগতে ডিব্ৰুগড় জিলা কবি সন্মিলনে ডিব্ৰুগড়ৰ ভালেকেই গৰাকী কবি , সাহিত্যিক , বিশিষ্ট লোক,প্ৰবীণ সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰিব লগতে মুকলি সভাত মুখ্য অতিথি হিচাপে পদ্মশ্ৰী বঁটা প্ৰাপ্ত সাহিত্যিক প্ৰহলাদ চন্দ্ৰ তাছাৰ, স্মৃতি গ্ৰন্থ “ডিব্ৰু-কাঞ্চন” উন্মোচন কৰিব অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই , সম্বৰ্ধনা অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে ৰাষ্ট্ৰীয় কৃতী শিক্ষক , সাহিত্যিক পেঞ্চনাৰ গন্ধেশ্বৰ শইকীয়া , নিদিষ্ট বক্তাৰ হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্ কলা বিভাগৰ সহযোগী অধ্যাপক মৃণাল কুমাৰ বৰুৱাই অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰে । সাংবাদমেলত ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সম্পাদক বিবিজান দত্তই প্ৰকাশ কৰা মতে অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিবেশন নিৰ্বাচিত কবিতা পাঠ অনুষ্ঠানত অসমৰ ৩০গৰাকী কবিয়ে নিৰ্বাচিত কবিতা পাঠ কৰাৰ উপৰিও লাহোৱালৰ নটৰাজ নৃত্য প্ৰতিষ্ঠানৰ এটি দলে দলীয় নৃত্য সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচীত পৰিবেশন কৰিব। আনহাতে সাংস্কৃতিক সন্ধিয়াত শিল্পী জুপিতৰা কটকী,ইৰাণী বৰুৱা শইকীয়া, ডিব্ৰুগড় সুললিত কণ্ঠশিল্পী গিতিমণি গগৈ আৰু মাধুৰ্য বৰুৱাই গীত পৰিৱেশন, বোৱাৰী বিহু প্ৰদৰ্শন কৰিব বুলি জিলা কবি সন্মিলনৰ সভাপতি গৰাকীয়ে উল্লেখ কৰাৰ লগতে সাংস্কৃতিক সন্ধিয়াত জিলা কবি সন্মিলনৰ কেবাগৰাকী কৰ্মকৰ্তাই গীত পৰিৱেশনত অংশগ্ৰহণ কৰিব তথা উক্ত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী বিশিষ্ট অভিনেতা, নাট্য পৰিচালক,গৱেষক ড: নীলিম চেতিয়াই উদ্ধোধন কৰিব বুলি সংবাদ মেলত প্ৰকাশ কৰে। মুকলি সভাত ২০২৩বৰ্ষৰ শিশু দিৱসৰ আয়োজন “অনলাইন কবিতা আবৃত্তি” আৰু অনলাইন কবিতা প্ৰতিযোগিতাৰ বটা বিতৰণ কৰা হ’ব বুলি সংবাদ মেলত আদৰণি সমিতিৰ সম্পাদক মহেন্দ্ৰ হাজৰিকাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিবেশনৰ উপলক্ষে কাৰ্যসূচী মতে ২৫ ফেব্ৰুৱাৰী ৯-০০ বজাত পতাকা উত্তোলন কৰিব অসম কবি সন্মিলনৰ ভাৰপ্ৰাপ্ত সভাপতি গীতা দত্তই,৯-৩০বজাত স্মৃতি তৰ্পণ কৰিব জ্যেষ্ঠ নাগৰিক লাবণ্য ফুকন বুঢ়াগোহাঁই আৰু আদৰণি সমিতিৰ সভাপতি কৃপাল ফুকনে,৯-৪৫বজাত বন্তি প্ৰজ্বলন কৰিব অসম ক’বি সন্মিলনৰ কাৰ্যকৰী সভাপতি দ্বয় ক্ৰমে ত্ৰিদিব লস্কৰ,ড: ৰমেশ কুমাৰ কাকতি আৰু উপ-সভাপতি অজিত বৰাই, ১০ বজাত প্ৰতিনিধি পঞ্জীয়ন,১০-৩০বজাত প্ৰতিনিধি শিবিৰ দ্বাৰ উদ্ধোধন কৰিব বিহু সুৰক্ষা সমিতি অসমৰ প্ৰতিষ্ঠাপক লোক সংস্কৃতিৰ সাধক পবিত্ৰ মহন ফুকনে, মঞ্চ উদ্ধোধন কৰিব চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰণৱ গগৈয়ে। ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সদস্যা সকলে দিহানামেৰে শুভাৰম্ভ কৰিব লগীয়া অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিবেশনৰ প্ৰতিনিধি সভাখন এটি বৰগীতৰ কোৰাছেৰে মুকলি কৰিব চাচনি শাখা বৰ্ষা কবি চক্ৰই। আনহাতে দিনৰ ১ বজাত নিৰ্বাচিত কবিতা পাঠৰ উদ্ধোধন কৰিব কানৈ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড:চুলতানা হাজৰিকাই । লাহোৱাল শাখা কবি সন্মিলনে বিয়ানামেৰে শুভাৰম্ভ হ’ব লগীয়া কবি সন্মিলনখনৰ পৰ্যালোচক ৰূপে ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সভাপতি অজিত বৰাই , সঞ্চালক হিচাপে থাকিব ডিব্ৰুগড় জিলা কবি সন্মিলনৰ মুখ্য উপদেষ্টা নৰেশ্বৰ হাজৰিকাই । দিনৰ ২বজাত অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিবেশনৰ সৈতে সংগতি ৰাখি মুকলি সভাখন ভাৰপ্ৰাপ্ত সভাপতি গীতা দত্তৰ পৌৰোহিত্যত সভাৰ উদ্ধোধন কৰিব সমাজহিতৈষী ডা বিপিন কাকতিয়ে, অনুষ্ঠানত সমবেত কবিতা আবৃত্তি কৰিব চাবুৱা বালিজান শাখা কবি সন্মিলনে, আদৰণি সমিতিৰ অভিভাষণ পাঠ কৰিব আদৰণি সমিতিৰ সভাপতি কৃপাল ফুকনে আৰু বঁটা বিতৰণী সভাত সাহিত্যিক কৃষ্ণকান্ত বৰা,যোগদা মহন গগৈকে ধৰি কেবাগৰাকী সাহিত্যিকৰ গ্ৰন্থ উন্মোচন কৰিব। সংবাদ মেল খনত আদৰণি সমিতিৰ সভাপতি কৃপাল ফুকন, ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সম্পাদক বিবিজান দত্ত, আদৰণি সমিতিৰ সম্পাদক মহেন্দ্ৰ হাজৰিকা প্ৰমুখ্যে অসম কবি সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিয়ে অহা ২৫ফেব্ৰুৱাৰীত বৰবৰুৱাৰ চ্যুকাফা ভৱনত অনুষ্ঠিত হ’ব লগীয়া অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিবেশনৰ এদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সহায় সহযোগিতা কামনাৰে নিমন্ত্ৰণ জনাইছে বুলি সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে।