ডিব্ৰুগড়ত কেন্দ্ৰীয় ভাবে ৰঙালী উৎসৱ ২০২৪ পালনৰ যোজা

ডিব্ৰুগড়ত কেন্দ্ৰীয় ভাবে ৰঙালী উৎসৱ ২০২৪ পালনৰ যোজা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত অহা ১১, ১২, ১৩ আৰু ১৪ বহাগ অৰ্থাৎ ইংৰাজী ২৪ ,২৫ ,২৬ আৰু ২৭ এপ্ৰিলত অনুষ্ঠিত হ’ব অসমৰ অন্যতম আকৰ্ষণীয় ৰঙালী উৎসৱ ২০২৪। এন,ডি 24ৰ পৰিচালক সঞ্চালক কিশোৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় ৰঙালী উৎসৱ ২০২৪।এই অনুষ্ঠানত কাৰ্য্যকৰী সভাপতি হিচাপে খগেন দত্ত,সধাৰণ সম্পাদক ৰূপজ্যোতি বৰঠাকুৰ আৰু সাংস্কৃতিক সম্পাদকৰ ৰাজা গগৈ উপস্থিত থাকিব । কেন্দ্ৰীয় ৰঙালী বিহুৰ মজিয়াত এইবাৰ ডিব্ৰু সন্মান বঁটা লাভ কৰা ডিব্ৰুগড়ৰ চাৰিগৰাকী স্বনামধন্য শিল্পী তথা বিশিষ্ট অনাতাঁৰ শিল্পী চৈয়দ ছাদুল্লা, ৰাজেন গোঁহাই, হীৰেন গোহাঁই আৰু প্ৰশান্ত বৰদলৈক সম্বৰ্ধনা জনোৱা হ’ব। কেন্দ্ৰীয় ৰঙালী উৎসৱ ২০২৪ৰ তৃতীয় দিনা সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰিব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে আৰু চতুৰ্থ তথা অন্তিম দিনা সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হব জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্ত। ডিব্ৰুগড় গাৰ্ডেন ট্ৰিটত  অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী উৎসৱ ২০২৪ৰ উদযাপন সমিতি গঠন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।