ৰাজ্য চৰকাৰৰ অসম বাজেটক লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- এইখন বাজেটে জনতাক হতাশ কৰিলে৷ ঋণত পোত হৈ থকা ৰাজ্যখনত এইখন বাজেটে অৰ্থনৈতিক বৈষম্যতাৰ সৃষ্টি কৰিব৷ মূলধনী শিতানত ব্যয় কমাই নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰী সৃষ্টিৰ বাবে চৰকাৰে অধিক গুৰুত্ব দিছে, তাৰেই প্ৰতিফলন ঘটিল আজিৰ বাজেটত৷বিধ্বস্ত অৰ্থনীতিত ভৰ দি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে চৰকাৰে৷ এখন উৎপাদনশীল বাজেটৰ পৰিৱৰ্তে এয়া পুৰণি কথাৰহে চৰ্বিতচৰ্বন৷ৰাজ্যৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ কোনো সমিধানসূত্ৰ দেখা নগ’ল বাজেটত৷ বৃহৎ উদ্যোগৰ বিনিয়োগৰ যোগেদি ৰাজ্যৰ নিবনুৱা সমস্যা সমাধান কৰিব পাৰি৷ কিন্তু বাজেটত এই বিষয়সমূহৰ বাস্তৱসন্মত কোনো দিশৰ উল্লেখ নাথাকিল৷