প্ৰণয়ৰ আছুতীয়া ৰং- যমুনা দুলু বৈশ্য

PC - Pickpik

প্ৰণয়ৰ আছুতীয়া ৰং

 যমুনা দুলু বৈশ্য
শুৱালকুছি

এজাক সমীৰণে চুই যায়
লাজুকী অৱগুন্ঠন খহি পৰে
ভাল লগা প্ৰণয়ৰ আছুতীয়া ৰং ।
অতীতৰ বর্ণিল অনুভূতি বোৰে
কৈ যায় কানে কানে
স্মৃতিবোৰ পাহৰা নাই সেই দিনবোৰ ।
সুবৰ্ণ সুযোগ যায় গুচি
নিজকে নিজক চিনিব নাজানিলে
বুকুতে কামোৰে সময়ত দুখৰ অনুভৱে ।
ক্ষণে , ক্ষণে সমন্নয়ৰ অৱক্ষয়
মানৱতাৰ বিশ্বাস আৰু ভালপোৱা
প্ৰতিচ্ছবিৰে আঁকি ৰয় অৱৰুদ্ধ ।