অসম ভাওনা সমাৰোহ – ২০২৪ ৰ  সফলতাৰে সামৰণি 

অসম ভাওনা সমাৰোহ – ২০২৪ ৰ  সফলতাৰে সামৰণি 

বিকাশ শইকীয়া,  মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তাৰে যোৱা ১৮ জানুৱাৰীৰ পৰা ১৩ দিনীয়া কাৰ্যসূচীৰে মাজুলীৰ আউনীআটী সত্ৰৰ “মনিকাঞ্চন ৰঙ্গক্ষেত্ৰত” অনুষ্ঠিত হোৱা “অসম ভাওনা সমাৰোহ-২০২৪” ৰ  সফলতাৰে সামৰণি পৰে । ১৫ হাজাৰ আয়তীয় দিহানামেৰে আৰম্ভ হোৱা এইবাৰৰ ভাওনা সমাৰোহখনিত অসমৰ ভিন্ন প্ৰান্তৰ মুঠ ২৪ টা ভাওনা দলে অংশগ্ৰহণ কৰে । সমাৰোহৰ প্ৰত্যেক দিনাই দিনৰ ভাগত বিভিন্ন কাৰ্যসূচীৰ অন্ততঃ সন্ধ্যাৰ পৰা দুখনকৈ ভাওনা প্ৰদৰ্শিত হয়।  ভাওনা সমাৰোহখনিত ২৯ জানুৱাৰীৰ দিনৰ কাৰ্যসূচীত অসমৰ দীৰ্ঘ সময়ৰ দ্বিভাষিক আলোচনী “মাজুলীত কবিতা”ৰ উদ্যোগত এখনি কবি সন্মিলন অনুষ্ঠিত হয়। বিশিষ্ট সাংবাদিক , সাহিত্যিক বৰী ভূঞাই সঞ্চালনা কৰা সন্মিলনখনি উদ্বোধন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়াই। বহু কেইগৰাকী কবিয়ে কবিতা পাঠ কৰা সন্মিলনখনিত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে সুৰ শইকীয়া হাজৰিকাৰ উপন্যাস ‘বাপুকন’ উন্মোচন কৰে। অনুষ্ঠানটি আঁত ধৰে মাজুলীত কবিতা আলোচনীৰ প্ৰতিষ্ঠা কালৰ সম্পাদক জয়ন্ত হাজৰিকাই। আজি অন্তিম দিনাৰ কাৰ্যসূচীত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা সমাবৰ্তন আৰু  বঁটা বিতৰণী অনুষ্ঠানত আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ডম্বৰুধৰ নাথক শংকৰদেৱ গৱেষণা বঁটা প্ৰদান কৰা হয়। এইবাৰৰ প্ৰতিযোগিতাখনিত প্ৰথম স্থান লাভ কৰে আমগুৰিৰ মণিকাঞ্চন ভাওনা দলে প্ৰদৰ্শন কৰা,”কুমৰ হৰণ” ভাওনা খনিয়ে। দ্বিতীয় স্থান লাভ কৰে নাজিৰাৰ শংখধ্বনি শিল্পী সমাজৰ “ৰঘুকুলমনি”  আৰু তৃতীয় স্থান লাভ কৰে যোৰহাটৰ শ্ৰীমন্ত শঙ্কৰ-মাধৱ গোষ্ঠীৰ “যযাতিৰ জড়া প্ৰাপ্তি , পুৰুৰ ৰাজ অভিষেক” ভাওনা খনিয়ে। প্ৰতিযোগিতাখনিত মুঠ ৭ টি ভাওনা দলে পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে অন্য দুটি দলে নিচুকনি বঁটা লাভ কৰিবলৈ সক্ষম হয়। ঠিক তেনেদৰে একক শাখাত শ্ৰেষ্ঠ পুৰুষ চৰিত্ৰ , শ্ৰেষ্ঠ স্ত্ৰী চৰিত্ৰ, শ্ৰেষ্ঠ পুৰুষ পাৰ্শ্ব চৰিত্ৰ, শ্ৰেষ্ঠ স্ত্ৰী পাৰ্শ্ব চৰিত্ৰ , শ্ৰেষ্ঠ গায়ন – বায়ন , শ্ৰেষ্ঠ শিশু চৰিত্ৰ , শ্ৰেষ্ঠ সূত্ৰধাৰ, শ্ৰেষ্ঠ গায়ন , শ্ৰেষ্ঠ বায়ন , শ্ৰেষ্ঠ ভগৱান, শ্ৰেষ্ঠ নাৰদ , শ্ৰেষ্ঠ নাট্যকাৰ , শ্ৰেষ্ঠ পৰিচালক , শ্ৰেষ্ঠ মুখাশিল্পী , শ্ৰেষ্ঠ ৰূপসজ্জা আদিত পুৰস্কাৰ প্ৰদান কৰা হয়।উল্লেখযোগ্য – অসমীয়া সংস্কৃতিৰ গৌৰৱময় স্বৰ্ণসৌধ” – এই ভাওনা সমাৰোহখনি ২০০৬ চনৰ পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে সত্ৰখনিৰ মণিকাঞ্চন ৰঙ্গক্ষেত্ৰত অনুষ্ঠিত হৈ আহিছে।