স্বাগতম নৱবৰ্ষ – এছ ইছলাম

PC - The Times of India
স্বাগতম নৱবৰ্ষ
এছ ইছলাম, বৰপেটা
চাওঁতে চাওঁতে পুৰণি বৰ্ষই
মেলানি মাগিলে,
নৱবৰ্ষই সেউজীয়া পৃথিৱীলৈ
ভুমুকি মাৰিলে।
বিদায়ী বৰ্ষত কি পালোঁ,কি হেৰুৱালো!
পোৱা-নোপোৱা সেইখিনিৰ বাবে
দুখ বা বেজাৰ কৰিব নালাগে।
মানুহ আশাবাদী ন দিনৰ ন প্ৰভাতলৈ,
এই প্ৰভাতে নতুন বতৰা আনিব
সিঁচিব নতুন আশাৰ কঠিয়া
সেউজীয়া পৃথিৱী সজীৱ হ’ব।
নৱবৰ্ষত বনভোজৰ জোৱাৰ
কিন্তু বনভোজ বুলিলে কিযে এক
ভয় লগা উশৃংখল দৃশ্য
‘ডি.জে’ৰ কিযে আৰ্তনাদ!
তাতে আকৌ ভূতৰ ওপৰত দানহ
নিচা জাতীয় দ্ৰব্যৰ পয়োভৰ
এক অসহনীয় পৰিবেশৰ সৃষ্টি
নিদিয়ে কোনেও তালৈ দৃষ্টি।
নৱবৰ্ষত গ্ৰীটিংছৰ কিযে পয়োভৰ!
ধুনীয়া গ্ৰীটিংছখন দিবলৈ হেতা ওপৰা
ডিজিটেল যুগত সকলো ডিজিটেল হয়
নৱ প্ৰজন্মই গ্ৰীটিংছখন চিনিয়ে নাপায়।
তথাপি আমি আদৰিবই লাগিব নৱবৰ্ষক
ন উলাহৰে পৃথিৱীখন সেউজীয়া হওঁক
সেউজীয়া শান্তিৰ প্ৰতীক
সকলোতে প্ৰেমেৰে উপচি পৰক।
বেমাৰ-আজাৰ,হিংসা-দ্বেষ, আঁতৰি
এক সুন্দৰ পৃথিৱীৰ আগমন হওঁক
এই নৱবৰ্ষত,
উপচি পৰক মন ভাল লগোৱা খবৰে
আপোনাৰ ভালেই আমাৰ ভাল।
নৱবৰ্ষত হিয়াভৰা শুভ কামনাই
সকলোৰে জীৱনলৈ আনক কঢ়িয়াই
সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা
প্ৰতিটো দিন হওঁক হাঁহিৰ ৰহঘৰা।