বিপ্লৱী নেতা সুভাষ চন্দ্ৰ বসুলৈ শ্ৰদ্ধাঞ্জলি – নাছিৰ আহমেদ

Pc- Jagran Josh

বিপ্লৱী নেতা সুভাষ চন্দ্ৰ বসুলৈ শ্ৰদ্ধাঞ্জলি

নাছিৰ আহমেদ, শিমলাবাৰী , গোৱালপাৰা

ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰধান দুটা ধাৰাই নেতৃত্ব বহন কৰিছিল। প্ৰথম ধাৰাটো আছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা আপোচ-কামী জাতীয়তাবাদী ভাৱধাৰা। তেওঁৰ লগত সহযোদ্ধা হিচাপে আছিল পণ্ডিত জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, মৌলানা আবুল কালাম আজাদ,ড° জাকিৰ হুছেইন প্ৰমুখ্যে। দ্বিতীয় ধাৰাটো সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঢ়ি উঠা আপোচ-বিৰোধী সশস্ত্ৰ সংগ্ৰামী ধাৰা ।

বিপ্লৱী নেতা সুভাষ চন্দ্ৰ বসুৱে শৈশৱ কালৰে পৰাই শৰীৰৰ সিৰা-উপসিৰাইদি বিপ্লৱৰ অগ্নি-কণা অনবৰতে কঢ়িয়াই ফুৰিছিল। উদাহৰণ স্বৰূপে, তেওঁ শৈশৱ কালতেই মা দুৰ্গাৰ ভোগৰ পাত্ৰত প্ৰসাদ আগবঢ়োৱাৰ পৰিৱৰ্তে ব্লেডেৰে নিজৰ সোঁ হাতৰ বাহু কাটি তেজ উলিয়াই দেৱী দুৰ্গাক ভোগ দিছিল। ১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাৰ কটক চহৰত জন্ম গ্ৰহণ কৰা সুভাষ চন্দ্ৰ বসুৱে এই চহৰৰ এখন খৃষ্টান বিদ্যালয়ত ভৰ্তি হৈছিল ; য’ত ভাৰতীয় ছাত্ৰসকলৰ ওপৰত দুৰ্ব্যৱহাৰ কৰাৰ প্ৰতিবাদত সেই বিদ্যালয়খন ত্যাগ কৰি তেওঁ কটক চহৰৰ ৰেভেনছ কলেজিয়েট স্কুলত নাম ভৰ্তি কৰে। কলকাতাৰ প্ৰেছিডেন্সি কলেজত পঢ়ি থাকোঁতে কলেজৰ অধ্যাপক ওটেন নামৰ ইংৰাজ চাহাবৰ অন্যায় আচৰণৰ প্ৰতিবাদ কৰি সুভাষ চন্দ্ৰ বসুৱে সেইখন কলেজৰ পৰাও বিতাড়িত হৈ চাৰ আশুতোষ মুখোপাধ্যায়ৰ সহায়ত স্কটিছ চাৰ্চ কলেজৰ পৰা দৰ্শন বিভাগত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰে। বিলাতৰ পৰা চিভিল চাৰ্ভিচত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছতো বিপ্লৱী নেতা সুভাষ চন্দ্ৰ বসুৱে ইংৰাজৰ অধীনত চাকৰি নকৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা ” অসহযোগ আন্দোলনত ১৯২১চনত সক্ৰিয় অংশ গ্ৰহণ কৰে। কংগ্ৰেছত অংশ গ্ৰহণ কৰিলেও তেওঁ চিত্তৰঞ্জন দাসৰ নেতৃত্বত কংগ্ৰেছৰ বামপন্থী ধাৰাৰ সৈতে যুক্ত হৈ আন্দোলনৰ কাৰ্যসূচীত মনোনিবেশ কৰিছিল। ১৯২৮ চনত সুভাষ চন্দ্ৰ বসুৱে কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হয়। ১৯৩৯ চনত তেওঁৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ সৈতে হোৱা মতবিৰোধৰ বাবে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি ফৰৱাৰ্ড ব্লক নামৰ সমাজতান্ত্ৰিক দল গঠন কৰে। সাম্ৰাজ্যবাদী বৃটিছ চৰকাৰৰ সৈতে আভ্যন্তৰীণ আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা কংগ্ৰেছ দলৰ আপোচ-কামী মনোভাৱৰ বাবে তেওঁ এই দল ত্যাগ কৰি ফৰৱাৰ্ড ব্লক দলৰ নেতৃত্ব দি সশস্ত্ৰ সংগ্ৰামী আন্দোলনত জঁপিয়াই পৰে । ১৯৩৯ চনৰপৰা আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ শাসকৰ দূৰ্বলতাৰ সুযোগ লৈ ১৯৪১ চনত বিপ্লৱী নেতা সুভাষ চন্দ্ৰ বসুৱে কাবুলিৱালাৰ ছদ্মবেশত কাবুল হৈ জাৰ্মানীৰ বাৰ্লিনত হিটলাৰক সাক্ষাৎ কৰে। তাৰ পিছত ডুবন্ত জাহাজত উঠি সাগৰেৰে হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি জাপানত উপস্থিত হয়। তাৰ পিছত জাপানৰ কৰ্তৃপক্ষৰ সহযোগিতাত প্ৰবাসী বিপ্লৱী নেতা ৰাস বিহাৰী বসুৰ নেতৃত্বত ” আজাদ হিন্দ ফৌজ” গঠন কৰি ” জয় হিন্দ” শ্লোগান দি দি ” দিল্লী চলো অভিযান” আৰম্ভ কৰি মণিপুৰৰ ইম্ফলত স্বাধীন ভাৰতৰ পতাকা উত্তোলন কৰি ব্ৰিটিছ শাসকৰ বিৰুদ্ধে স্বাধীনতা ঘোষণা কৰে। ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তিৰ হাতত জাপানৰ পতন হোৱাত বিপ্লৱী নেতা সুভাষ চন্দ্ৰ বসুৱে পলায়ন কৰিবলৈ চেষ্টা কৰোতে ১৯৪৫ চনৰ ১৮ই আগষ্টত এক বিমান দুৰ্ঘটনাত সাগৰত পতিত হৈ মৃত্যু হয় বুলি ঘোষণা কৰা হৈছিল যদিও এতিয়াও এয়া ৰহস্যৰ আৱৰ্তত। আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পিছতো তেওঁৰ মৃত্যু সম্পৰ্কে এতিয়াও কেন্দ্ৰীয় চৰকাৰে কোনো সঠিক সদুত্তৰ দিব নোৱাৰাটো দুৰ্ভাগ্যজনক ঘটনা।

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সুভাষ চন্দ্ৰ বসু এক অমৰ ব্যক্তিত্ব। তেওঁ আছিল সাহসী, দূৰদৰ্শী , এক মহান দেশপ্ৰেমিক। ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁ এক অসামান্য অৱদান ৰাখি থৈ গৈছে। দেশৰ স্বাধীনতাৰ সংগ্ৰামৰ বাবে তেওঁৰ জীৱন আছিল উৎসৰ্গিত। এতিয়াও ভাৰতবাসীৰ তেওঁ দেশ প্ৰেমৰ এক জীৱন্ত অনুপ্ৰেৰণা । ” আজাদ হিন্দ গবৰ্মেন্ট, আজাদ হিন্দ ফৌজ আৰু ভাৰতীয় জাতিক নেতৃত্ব প্ৰদান কৰা ” নেতাজী”ৰ দুৰ্বাৰ সংগঠন শক্তি, নিষ্ঠা আৰু অধ্যৱসায় , সাম্প্ৰদায়িকতা আৰু প্ৰাদেশীকতাৰ কৃত্ৰিম বিভেদ অৱলীলাক্ৰমে বিলুপ্ত কৰি কোটি কোটি ভাৰতীয়ক সৰ্বস্ব ত্যাগ কৰাৰ বাবে অনুপ্ৰাণিত কৰা ভাৰতীয় ইতিহাসত এক অমূল্য দলিল হিচাপে সদায় সংৰক্ষিত হৈ থাকিব। আজাদ হিন্দ সংঘৰ( Indian Independence League) হেড কোৱাৰ্টাৰৰ পৰা Blood bath (ৰক্তস্নান) নামে নেতাজীৰ ৰচনা আৰু অগ্নিদীপ্ত বক্তৃতাসমূহ ১৯১২ চনৰ পৰা ১৯৩২ চনলৈকে ১২০ খন পত্ৰ কালক্ৰম অনুসৰি সন্নিৱিষ্ট কৰা হৈছে।

” জয় হিন্দ যাৰ জীৱন মন্ত্ৰ
দেশ সেৱা যাৰ কাম
ভাৰত মাতাৰ বীৰ সন্তান
নেতাজী যাৰ নাম। “

পৰাধীনতাৰ নাগপাশৰ ভাৰত মাতাক মুক্ত কৰাৰ বাবে বিপ্লৱী নেতা সুভাষ চন্দ্ৰ বসুৱে ঘোষণা কৰিছিল —

“Give me blood, I shall give you freedom.”
তোমৰা আমায় ৰক্ত দাও
আমি তোমাদেৰ স্বাধীনতা দেব।”

জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা দেশৰ স্বাধীনতা আন্দোলনত সকলো ভাৰতীয় সক্ৰিয় অংশ গ্ৰহণ কৰিছিল যদিও, সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঢ়ি উঠা আপোচ-বিৰোধী সশস্ত্ৰ সংগ্ৰামৰ ফলতহে সাম্ৰাজ্যবাদী বৃটিছ শাসকৰ হৃদকম্পন সৃষ্টি হৈছিল ; যাৰ বাবে আমি অতি শীঘ্ৰে ১৯৪৭ চনৰ ১৫ আগষ্টত দেশৰ স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। কিন্তু , আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ সময়ত বিপ্লৱী নেতা সুভাষ চন্দ্ৰ বসু জীয়াই থকা হ’লে আমি হয়তো দ্বিখণ্ডিত ভাৰত লাভ কৰাৰ দৰে দূৰ্ভাগ্যজনক ঘটনাৰ সৃষ্টি নহ’লহেঁতেন।

যি কি নহওঁক, উৰিষ্যাৰ কটক চহৰৰ উষ্ণ-প্ৰৱাহৰ চহৰত জন্ম গ্ৰহণ আৰু পশ্চিমবংগৰ মাটিত বিপ্লৱৰ বীজ ৰোপন হোৱা ৰাজ্যত লালিত-পালিত হোৱাৰ বাবে বিপ্লৱী নেতা সুভাষ চন্দ্ৰ বসুৰ বুকুত সদায় বিপ্লৱৰ জুই দপ্ দপকৈ জ্বলি আছিল ; যাৰ বাবে তেওঁ সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লৈ নিজৰ জীৱন দেশৰ বাবে আহুতি দি গ’ল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত বিপ্লৱী নেতা সুভাষ চন্দ্ৰ বসুৰ নাম ইতিহাসৰ পৃষ্ঠাত চিৰদিনৰ বাবে স্বৰ্ণাক্ষৰে লিখা থাকিব।