মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভাৰত চন্দ্ৰ শৰ্মাৰ বিয়োগ

মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভাৰত চন্দ্ৰ শৰ্মাৰ বিয়োগ

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- মঙ্গলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভাৰত চন্দ্ৰ শৰ্মাৰ (৮৩) যোৱা ২৮ ডিচেম্বৰত মঙলদৈৰ বামুণপাৰাৰ নিজা বাসভৱনত নিচেই পুৱা পৰলোকপ্ৰাপ্তি ঘটে। ১৯৭১ চনত মঙলদৈ মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ প্ৰবক্তাৰূপে চাকৰিত যোগদান কৰি অতি নিয়মানুৱৰ্তীতাৰে শিক্ষাদানৰ সৈতৈ জড়িত হৈ শিক্ষাৰ্থীসকলৰ জনপ্ৰিয় শিক্ষাগুৰুৰ স্হান তেওঁ দখল কৰিছিল। মঙলদৈ মহাবিদ্যালয়ৰ পৰা সেৱা নিবৃত্তি লাভ কৰি তেওঁ মঙলদৈ বাণিজ্য মহাবিদ্যালয়ত অংশকালীন ইংৰাজীৰ পাঠদান আগবঢ়াইছিল। মঙলদৈ মহাবিদ্যালয়ত অধ্যাপনাৰ সময়ছোৱাত উপস্হিতিৰে নিয়মীয়াকৈ পাঠদানেৰে অভিলেখ অৰ্জন কৰিছিল। তেওঁ বামুণপাৰা সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজাৰ উপদেষ্টা হিচাপে নিয়োজিত হোৱাৰ লগতে স্হানীয় সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত সমগ্ৰ মঙ্গলদৈ আৰু দৰং জিলাত শোকৰ ছাঁ পৰে। তেওঁৰ মৃত্যুত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত কুমাৰ দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজোতি দাস, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলা কান্ত বৰা, দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ,মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন, মঙলদৈ প্ৰেছ ক্লাব, মঙলদৈ মেডিয়া চাৰ্কোল, দৰং জিলা ছাত্ৰ সন্থা , দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজ আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল -সংগঠন,ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্ৰ -বোৱাৰী, নাতি -নাতিনীৰ লগতে আত্মীয় স্বজন আৰু অনুৰাগীক এৰি থৈ যায়।