ব্যাপক উৎসাহ-উদ্দীপনাৰে আৰম্ভ অসম গ্ৰন্থমেলা, গুৱাহাটী

ব্যাপক উৎসাহ-উদ্দীপনাৰে আৰম্ভ অসম গ্ৰন্থমেলা, গুৱাহাটী

ৰঙিলী বাৰ্ত্তাসেৱা- গ্ৰন্থৰ উমেৰে শীতক উছৱ মুখৰ কৰি ব্যাপক উৎসাহ-উদ্দীপনাৰে  আৰম্ভ হ’ল ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত এলানি বৰ্ণিল কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজন কৰা এই গ্ৰন্থমেলা আজি বিয়লি ৪ বজাত বন্তি প্ৰজ্বলিত কৰি উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গোপাল মহন্তই ৷ উদ্বোধনী ভাষণ প্ৰসংগত তেওঁ কয়–“ গ্ৰন্থমেলাত হোৱা বিপুল জনসমাৱেশে আমাৰ সমাজৰ জ্ঞানান্বেষী সংস্কৃতিক প্ৰতিফলিত কৰিছে ৷ অসমৰ চুকে-কোণে অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি বৌদ্ধিক আন্দোলনক নতুন গতি প্ৰদান কৰিছে ৷ আমি ইতিমধ্যে বিশ্বায়নৰ স্তৰ অতিক্ৰম কৰি তাতোকৈ এখন তীব্ৰবেগী পৃথিৱীত উপস্থিত হৈছোঁহি ৷ ইন্টাৰনেটে সকলো দিবলৈ সক্ষম হৈছে ৷ কৃত্ৰিম বুদ্ধিমত্তাই মানুহক চমকৃত কৰিছে ৷ কিন্তু ইয়াৰ পাছতো দৃঢ়তাৰে কম যে জ্ঞানাৰ্জনৰ বাবে কিতাপেই সৰ্বোত্তম পন্থা ৷ তেওঁ প্ৰসংগক্ৰমে বেদ-উপনিষদ আৰু মহাকাব্যসমূহৰ উদাহৰণ দি কয় যে মানুহক প্ৰজ্ঞাৰে পৰিশীলিত কৰি ৰাখে এই মহামূল্যবান জ্ঞান সমুদ্ৰই ৷ নতুন প্ৰজন্মক উপনিষদ অধ্যয়নৰ আহ্বান জনায় ড° মহন্তই কীৰ্তন-দশম-ভাগৱতৰ দৰে গ্ৰন্থক অসমীয়া মানুহে থাপনাত ৰাখি, পূজা কৰি অনন্য মাত্ৰা প্ৰদান কৰা বুলিও কয় তেওঁ ৷ তেওঁ পুনৰ কয়—“ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গুৱাহাটীৰ লগতে বিভিন্ন জিলাত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি গ্ৰন্থ আন্দোলন তৰান্বিত কৰাৰ লগতে ৰাজ্যখনৰ বৌদ্ধিক পৰিৱেশ চহকী কৰিছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বতে এয়া সম্ভৱ হৈ উঠিছে ৷ পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু সচিব প্ৰমোদ কলিতাৰ নেতৃত্বত অসম প্ৰকাশন পৰিষদে নতুন গতি লাভ কৰিছে ৷” অসম গ্ৰন্থমেলা, গুৱাহাটীৰ উদ্বোধনী সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে বিশিষ্ট লেখক, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা জে. সাই দীপকে ৷ তেওঁ কয় যে গ্ৰন্থ অধ্যয়ন ভাৰতীয় সভ্যতাৰ প্ৰাচীন পৰম্পৰা ৷ গ্ৰন্থই ৰূপান্তৰৰ ধাৰণা দিয়ে ৷ এই ধাৰণাৰ ভিত্তিতে সমাজক জ্ঞান সাধনাৰ মঞ্চ কৰি তুলিব পাৰি ৷ যি ইতিহাসেৰে মানুহ সমৃদ্ধ হয় সেই ইতিহাস লিপিৱদ্ধ থাকে কিতাপৰ পাতত ৷ সেয়ে শুদ্ধ ইতিহাস লিপিৱদ্ধ থাকিলে মানুহ স্বদেশৰ প্ৰতি দায়ৱদ্ধ হোৱাৰ বাট বিচাৰি পাব পাৰে ৷ গ্ৰন্থই যি বৰ্তা দিয়ে সেয়া অতি গুৰুত্বপূৰ্ণ ৷ ইতিহাস অতীত অধ্যয়ন ৷এতিয়াৰ যুগত গ্ৰন্থৰ প্ৰসংগ স্বাভাৱিকতে সামাজিক মাধ্যমত চৰ্চিত হয় ৷ সমান্তৰালভাৱে জ্ঞান চৰ্চাও হয় ৷যি মাধ্যমতে নহওক জ্ঞান চৰ্চা সদায়েই আদৰণীয় ৷ গ্ৰন্থ হ’ল সভ্যতাৰ বাহক ৷ তেওঁ অসমত গ্ৰন্থোৎসৱৰ বিশাল আয়োজন অতুলনীয় বুলি উল্লেখ কৰি কয় যে গ্ৰন্থমেলা মানুহক জ্ঞানেৰে একত্ৰিত কৰা সুন্দৰ উৎসৱ ৷ অসম গ্ৰন্থমেলাৰ জৰিয়তে অসমৰ বৌদ্ধিক পৰিৱেশ নিশ্চয় সমৃদ্ধ হৈছে ৷ কিতাপে মানুহৰ চিন্তাশৈলীক নতুনত্ব প্ৰদান কৰে ৷ আমি সকলোৱে এইবাবে সুখী হ’ব পাৰো যে ভাৰতত এখন ভাল পঢ়ুৱৈ সমাজ আছে ৷ সেইবাবে ভাৰতত চিন্তাৰ স্বাধীনতা আছে ৷ উল্লেখ্য যে দীপকক তেওঁৰ বহু অনুৰাগীয়ে হৰ্ষোল্লাসেৰে আদৰণি জনোৱাৰ লগতে একাংশই সাম্প্ৰতিক সামাজিক প্ৰেক্ষাপটৰ বিভিন্ন প্ৰাসংগিক বিষয়ৰ প্ৰশ্ন উত্থাপন কৰে ৷ তেওঁ ব্যাখ্যা-বিশ্লেষন আৰু যুক্তিৰে অনুৰাগীসকলৰ প্ৰশ্নৰ উত্তৰ দিয়ে৷ সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে সাহিত্য অকাডেমিৰ সচিব ড° কে শ্ৰীনিৱাস ৰাওৱে ৷ তেওঁ কয় যে গ্ৰন্থ হৈছে প্ৰজ্ঞা আৰু প্ৰগতিৰ প্ৰতীক ৷ সমাজ-জীৱনে নতুন দিগন্ত দেখিবলৈ পায় কিতাপৰ জৰিয়তে ৷ নতুন জ্ঞানেৰে মানুহক ব্যৱহাৰিক ক্ষেত্ৰত শক্তিশালী কৰে আৰু মনোজগতকো সমৃদ্ধ কৰে ৷ সেয়ে ব্যক্তি তথা সমাজ-জীৱনৰ প্ৰগতিৰ পথ প্ৰশস্ত কৰে কিতাপে ৷গ্ৰন্থমেলা সেয়েহে দেশৰ চুকে-কোণে হোৱা উচিত ৷ অসম চৰকাৰ , অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এই ক্ষেত্ৰত দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হৈছে ৷ গ্ৰন্থমেলাই লেখক-পাঠক-প্ৰকাশকৰ মাজত প্ৰত্যক্ষ সংযোগ সৃষ্টি কৰিব পাৰে ৷ অসমত প্ৰকাশন পৰিষদৰ লগতে আন বহু প্ৰকাশন গোষ্ঠী আছে ৷ এয়া ভাল লগা কথা ৷ অসম গ্ৰন্থমেলাৰ জৰিয়তে সমাজলৈ বৌদ্ধিক সেৱা আগবঢ়োৱা দেখি মই নিজেই গ্ৰন্থপ্ৰেমী হিচাপে আনন্দিত হৈছো ৷ আন বিভিন্ন ৰাজ্যত কেন্দ্ৰীয়ভাৱে গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ বিপৰীতে অসম গ্ৰন্থমেলা জিলাই জিলাই আয়োজন কৰাটো এক ইতিবাচক উদাহৰণ ৷ গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ তৃতীয় স্থানত আছে ৷ বিভিন্ন দেশত মাত্ৰ এটা বা দুটা ভাষাত গ্ৰন্থ প্ৰকাশ হয় ৷ কিন্তু ভাৰতত কুৰিটাতকৈ অধিক স্বীকৃত ভাষা আছে ৷ এই ভাষা সমূহত কিতাপ প্ৰকাশ হৈ আহিছে ৷ এই গ্ৰন্থ সংস্কৃতিয়ে ভাৰতীয় সমাজখনক প্ৰজ্ঞাৰ পোহৰেৰে জিলিকাই ৰাখিছে ৷ অসম গ্ৰন্থমেলা, গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠানতে আজি উন্মোচিত হয় অসম প্ৰকাশন পৰিষদে এইবেলি প্ৰকাশ কৰা দুকুৰি গ্ৰন্থ ৷ প্ৰকাশিত নতুন গ্ৰন্থসমূহৰ ভিতৰত আছে “নৱকান্ত বৰুৱা ৰচনাৱলী” চতুৰ্থ খণ্ড (সম্পাদনাঃ ড° প্ৰাণ্‌জিৎ বৰা), ড° লক্ষ্মীনন্দন বৰা ৰচনাৱলী ( সম্পাদনাঃ সুমন্ত চলিহা), “আৱাহন” ( ত্ৰয়োদশ আৰু চতুৰ্দশ খণ্ড , সম্পাদনাঃ ড° পৰমানন্দ মজুমদাৰ), “অনূদিত নাট্যসম্ভাৰ দুলাল ৰয়” (সম্পাদনাঃ সুমন্ত চলিহা), “বিশ্বপ্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা” (বিনয় মোহন শইকীয়া), “পৰিশ্ৰান্ত পৃথিৱী” (মূলঃ ডাঃ দেৱেন চাপকোটা , অনুবাদঃ নিৰু শৰ্মা পৰাজুলি), ভাস্কৰীয়ম (ড° দীপক কুমাৰ শৰ্মা), “অসমৰ যাত্ৰাভিনয়ৰ ইতিহাস” (ধীৰেন শৰ্মা), “আলোচনীৰ পাতৰ ভ্ৰমণ সাহিত্য” (ড° স্মৃতিৰেখা ভূঞা) ৷ শিশু-কিশোৰৰ গ্ৰন্থসমূহৰ ভিতৰত আছে “মিছাইল মানৱ এ পি জে আব্দুল কালাম (গীতুমণি তালুকদাৰ), “অকণমানি ৰাজকুমাৰী” (মূলঃ ফ্ৰান্সিছ হডছন বাৰ্নেট, ভাবানুবাদঃ অন্তৰেপ কাকতি), “অৰণ্যৰ উকি” (মূলঃ জেক লণ্ডন , ভাবানুবাদঃ বিকাশ দিহিঙ্গীয়া), “গ্ৰীণ গেবলছৰ এনৰ কাহিনী” ( মূলঃ লুচি মন্টগোমেৰী , ভাবানুবাদঃ ড° দীপশিখা ভাগৱতী), “ব্লেক বিউটি এটা ঘোঁৰাৰ আত্মজীৱনী” ( মূলঃ আন্না ছিৱেল, ভাবানুবাদঃ ডাঃ নয়নজ্যোতি শৰ্মা), “পিটাৰ পেন” (মূলঃ জেমছ মেথিউ বেৰী, ভাবানুবাদঃ মানস প্ৰতিম দত্ত), “অ’জৰ যাদুকৰ” (মূলঃ গন ফ্ৰাংক বাউম, ভাবানুবাদঃ অলকা মহন্ত), “উইল’ হাবিৰ বতাহজাক” (মূলঃ কেনেথ গ্ৰেহেম, ভাবানুবাদঃ জিন্তু গীতাৰ্থ),“কণমানি ভন্টিহঁত” ( মূলঃ লুইছা মে’ অলকট , ভাবানুবাদঃ ইন্দ্ৰনীল গায়ন), “ভাৰতৰ ভেকচিন বিকাশ যাত্ৰা গো-বসন্তৰ পৰা ভেকচিন মৈত্ৰীলৈ” ( মূলঃ সজ্জন সিং যাদৱ, অনুবাদঃ ৰঞ্জিত হাজৰিকা), “হৰিভদ্ৰসূৰিবিৰচিত ষড়দৰ্শনসমুচ্চয় ”(অনুবাদঃ ড° ৰাজেন্দ্ৰ নাথ শৰ্মা) লগতে আছে “শ্ৰীমন্ত শংকৰদেৱ ”( তিলক চন্দ্ৰ মজুমদাৰ), “আনন্দৰাম বৰুৱা” (ড° প্ৰাণজিৎ বৰা), “অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য” ( শান্তনু কৌশিক বৰুৱা), “শ্ৰী শ্ৰী মাধৱদেৱ” (ড° প্ৰদীপজ্যোতি মহন্ত), “মূলা গাভৰু”(:ড° জ্যোতিৰেখা হাজৰিকা), “মহাৰাজ নৰনাৰায়ণ”( ড° গজেন্দ্ৰ অধিকাৰী), “গোপীনাথ বৰদলৈ” (উপেন্দ্ৰ বৰকটকী), “কনকলতা বৰুৱা” ( ৰূপম বৰুৱা , জিন্তু গীতাৰ্থ) , “বেজবৰুৱা ” (ড° গোৱিন্দ প্ৰসাদ শৰ্মা ) , দিগন্ত ওজাৰ “আমাৰ বেলিটো”, “আমাৰ জোনবাই”, “আমাৰ পৃথিৱী”, “ আমাৰ সৌৰজগত”, “বিশ্ব ব্ৰহ্মাণ্ড কিমান বিশাল” আদি ৷আজিৰ উদ্বোধনী সভাখনত অংশগ্ৰহণ কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মাই ৷বিশিষ্ট শিল্পী মনোজ বৰুৱা আৰু ড° পূৰৱী শৰ্মাৰ পৰিচালনাত “গুৱাহাটী স্কুল অৱ মিউজিক”-এ বেহেলাত সংগীতৰ মূৰ্ছনা পৰিৱেশনেৰে শুভাৰম্ভ কৰা উদ্বোধনী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷গ্ৰন্থমেলাৰ উদ্বোধক, সন্মানীয় আৰু বিশিষ্ট অতিথিবৰ্গক ফুলাম গামোছা আৰু কিতাপৰ টোপোলাৰে আদৰণি জনোৱা হয় ৷ ড° ধ্ৰুৱজ্যোতি বৰাক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২৩প্ৰদান গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰে সংগতি ৰাখি আজি বিশিষ্ট কথা-শিল্পী ড° ধ্ৰুৱজ্যোতি বৰাক প্ৰদান কৰা হয় অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২৩৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গোপাল মহন্তই তেওঁৰ হাতত এই বঁটা তুলি দিয়ে ৷ এই বঁটাত আছে ৫ লাখ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা ৷ একেখন সভাতে ড° ধ্ৰুৱজ্যোতি বৰাৰ “ইনাৰ লেণ্ডস্কেইপ” শীৰ্ষক গ্ৰন্থখন প্ৰকাশৰ বাবে অসম প্ৰকাশন পৰিষদ সাহিত্য(প্ৰকাশক) বঁটা প্ৰদান কৰা হয় “অসম পাব্লিছিং কোম্পানী”ক ৷ প্ৰকাশন গোষ্ঠীটোৰ হৈ এই বঁটাও গ্ৰহণ কৰে ড° ধ্ৰুৱজ্যোতি বৰাই ৷ এই বঁটাত আছে ৩ লাখ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা ৷ ইপিনে আজি প্ৰথমদিনা অসম গ্ৰন্থমেলা, গুৱাহাটীৰ অস্থায়ী প্ৰেক্ষাগৃহত সাংস্কৃতিক সন্ধিয়াত মনোমুগ্ধকৰ পৰিৱেশ ৰচনা কৰে কেবাখনো শিক্ষানুষ্ঠানৰ ছাত-ছাত্ৰীৰ মাজত অনুষ্ঠিত বাৰেৰহণীয়া সাংস্কৃতিক প্ৰতিযোগিতাই ৷