একত্ৰিছ ডিচেম্বৰ – অলকা বুজৰ বৰুৱা

Pc Shutterstock

একত্ৰিছ ডিচেম্বৰ

অলকা বুজৰ বৰুৱা
টিহু টাউন, নলবাৰী

একত্ৰিছ ডিচেম্বৰ!
এটা বছৰৰ যৱনিকা,
আন এটা বছৰৰ আগমন।
সময়বোৰ গৈ থাকে এনেদৰে।
পুৰণিৰ বোকোচাত উঠি
নতুনে জপিয়াই উলাহেৰে।
কিছুমান হেঁপাহ বাঢ়ি গৈ থাকে
কিছুমান হেঁপাহ হেঁপাহ হৈয়ে থাকে।
নতুন বছৰ আহে আৰু আঁতৰি যায়
শেষ নহয় কিন্তু ভোকাতুৰৰ ভোক।
ওখ অট্টালিকা বোৰ ওখ হৈ গৈ থাকে ক্ৰমশঃ
ভোকাতুৰৰ ভোকবোৰ বাঢ়ি থকাৰ দৰে।
অশান্ত সময়ৰ তাগিদাত
হৃদয়বোৰ হৈ পৰে আবেগময়।
আবেগৰ সাজযোৰ সুলকি পৰে
নিৰাশাবোৰ শিপাই যায় বুকুৰে
অভিমানে সাৱটি ধৰে দুবাহুৰে,
হিমচেঁচা নিয়ৰ জাকৰ শীতল পৰশত
তোমাৰ উষ্ণতাৰ আলিংগন ;
স্বাগতম তোমাক নতুন বৰ্ষ
তোমাৰ পৰশত জাগক নতুন প্ৰাণ।