সফলতাৰে সম্পন্ন হ’ল প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ

সফলতাৰে সম্পন্ন হ’ল প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ

ৰেজাউল তালুকদাৰ, ডবকা,ৰঙিলী বাৰ্ত্তাসেৱা- হোজাই জিলাৰ অন্তৰ্গত পূৱজাৰুণী হাইস্কুলত উলহমালহেৰে ২৪ ডিচেম্বৰত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত হয়। ১৯৭৯ চনত স্থাপন হোৱা জ্ঞানৰ পোহৰ বিলাই অহা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ পোনপ্ৰথমবাৰ অনুষ্ঠিত হয়। সমাৰোহত অৱসৰপ্ৰাপ্ত অভিযন্তা খলিলুৰ ৰহমান মজুমদাৰ, ডাঃ বুৰহান উদ্দিন চৌধুৰী, প্ৰাক্তন শিক্ষক নুৰ মহম্মদ বৰভূঞা, মুহিবুৰ ৰহমান তালুকদাৰ, চিৰাজ উদ্দিন চৌধুৰী, চাহাব উদ্দিন মজুমদাৰ আৰু কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। পুৱাই বিদ্যালয় চৌহদ প্ৰথমে চাফাই অভিযান আৰম্ভ কৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আলহাজ গুলজাৰ আহমেদ চৌধুৰীয়ে। গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰাক্তন ছাত্ৰ তথা নীলবাগান জিলা পৰিষদৰ সদস্য নেওঁয়াজ আহমেদ চৌধুৰীয়ে। তাৰ পিছত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক তথা হাজী আনফৰ আলী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ মছদ্দৰ আলী লস্কৰে, লগতে থাকে বিদ্যালয়ৰ প্ৰধান শিক্ষক মইন উদ্দিন, অৱসৰপ্ৰাপ্ত শিক্ষক গিয়াছ উদ্দিন লস্কৰসহ কেইবাজনো ব্যক্তি। উল্লেখযোগ্য যে সভাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে ডঃ মছদ্দৰ আলী লস্কৰে। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক বদৰ উদ্দিন তালুকদাৰ আৰু প্ৰাক্তন ছাত্ৰ স্বাহ নেৱাজ বৰভূঞাই আঁত ধৰা অনুষ্ঠানত প্ৰথমে দুই মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। পৰৱৰ্তী উদ্বোধনী সংগীত আঁত ধৰে প্ৰাক্তন ছাত্ৰ তথা শিক্ষক বচিৰ উদ্দিন লস্কৰ, কৰৈগুৰি নিউ এল পি স্কুলৰ প্ৰধান শিক্ষক ৰফিক উদ্দিন আৰু শিক্ষয়িত্ৰী দেৱলক্ষী বড়াই। অনুষ্ঠানটিত আদৰণি ভাষণ দিয়ে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰফিক উদ্দিনে আৰু আদৰণি পৰ্ব পাঠ কৰে প্ৰাক্তন ছাত্ৰ হিফজুৰ ৰহমান মজুমদাৰে। অনুষ্ঠানত পূৱজাৰুণী হাই স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী, বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শুভাকাঙ্ক্ষীসকলক একোখনকৈ ফুলাম গামোচাৰে অভ্যৰ্থনা সমিতিয়ে আদৰণি জনায় আৰু একোখনকৈ মানপত্ৰৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত কেইবাজনো শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শিক্ষক, সাংবাদিক, শুভাকাঙ্ক্ষী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ মিলনে জীপাল কৰি তোলে বিদ্যালয়খনৰ বাকৰি। অনুষ্ঠানত উপস্থিত থাকে আব্দুল মালিক বৰভূঞা, নজিৰ উদ্দিন আহমেদ, কফিল উদ্দিন বৰভূঞা, চাহাব উদ্দিন চৌধুৰী, আলম হুছেইন তালুকদাৰ, অভিযন্তা ইব্ৰাহিম আলী লস্কৰ, বাবুল তালুকদাৰ, জাভেদ আলম, ইছমাইল আলী, ৰাজ মহম্মদ, বিলাল আহমেদ মজুমদাৰ, ৰেজাউল মহম্মদ তালুকদাৰ, হবিবুৰ ৰহমান চৌধুৰী, নাচিমা বেগম লস্কৰ, চাহিল আনোৱাৰ মজুমদাৰ, আব্দুল কাইয়ুম, চালেহ আহমেদ চৌধুৰী, কপিল উদ্দিন, বদৰ উদ্দিন মজুমদাৰ, শ্বফিকুৰ ৰহমান, তৈয়বুৰ ৰহমান তালুকদাৰ, ফখৰ উদ্দিন, ৰমিজ উদ্দিন খান, কফিল উদ্দিন মজুমদাৰ, শ্বাহ ইমৰান খান, চাদ্দাম হুছেইন তালুকদাৰ, বদৰুল ইছলাম, মাচুমা বেগম চৌধুৰী, আব্দুল মুনিব, দিলৱাৰ হুছেইন, জাকাৰিয়া আলম, জমিৰ উদ্দিন মাজাৰভূঞা, আইনুল হক, আতিকুৰ ৰহমান তালুকদাৰ, নিমাৰ আলী, ছৈফ উদ্দিন, আসিকুৰ ৰহমান, আজিৰ উদ্দিন, মেৰাব আলীকে ধৰি প্ৰায় চাৰিশ ন-পূৰণি ছাত্ৰ-ছাত্ৰী, সাংবাদিক, শুভাকাঙ্ক্ষীসকলো সমাৰোহত উপস্থিত থাকে।