যান্ত্ৰিক যুগৰ প্ৰৱাহত নিসংগ মাতৃ – নাজবিন চুলতানা

যান্ত্ৰিক যুগৰ প্ৰৱাহত নিসংগ মাতৃ

নাজবিন চুলতানা
পাটসাঁকো

নিয়ৰত ঠেতুৰি ঠেতুৰি ৰাতিপুৱাৰ সময়ত  মলয়াই ঘৰৰ পিছফালৰ বাঁহ তলত পৰি শুকায় যোৱা জেং খৰি বুটলিছে । স্বামী, শাহু মাক , ল’ৰা-ছোৱালীকেইটা শুই উঠিব চাহ খাই নিজৰ কামত লাগিব । কেইমাহমানৰ পৰা ৰন্ধনগেছ ভৰাব পৰা নাই যিহে দাম বাঢ়িছে চিলিণ্ডাৰৰ। দিন-হাজিৰা কৰা মানুহজনে চিলিণ্ডাৰে ভৰাবনে ,ল’ৰা-ছোৱালীক পঢ়াৰ খৰচ দিবনে ,ঘৰেই চলাবনে ,কাৰেণ্টৰ বিলেই দিব। গোটৰ,দোকান আদিৰ ধাৰবোৰটো আছেই । দিনটোলে ওলাই যাব ৰাতিপুৱা খৰি নাই, ইটো নাই সিটো নাই কৈ নুফুৰো ,এই ভাবি নিয়ৰত তিতা খৰিবোৰেৰে জুইশালত জুই ধৰিব চেষ্টা কৰিছে।

দিনবোৰ প্ৰায় এইদৰেই আৰম্ভ হয়। তিতা খৰিৰে জুই ফুৱাই ফুৱাই মূৰৰ বিষ চাইনাচৰ সমস্যাই লগ ল’লে মলয়াক। তথাপি ধৈৰ্য্যৰে দিনবোৰ পাৰ কৰিব বিচাৰে। পুৱা উঠি মলয়াৰ স্বামীয়ে চাহ খাইয়ে দিনটোলে ওলাই যায় নিজৰ সঁজুলিৰে মোনা এটা লৈ। ল’ৰা-ছোৱালী দুটাই ৰাতিৰ থাকি যোৱা ভাত তেল অকনমানত ভাজি দিয়া ভাতকেইটাকে খাই লৰা-লৰিকৈ যায় তাৰে অলপ শাহুৱেকক দিয়ে। মলয়াই কেতিয়াবা নোখোৱাকৈয়ে থাকি যায় ।বয়সৰ চাপ পৰা ভ্ৰম শাহুৱেকৰ লগতেই দিনটো সময় কটায় ইটো-সিটো কথাৰে কামেৰে । দুপৰীয়া চাহ বনাই ওচৰৰ বৌয়েকক খুৰীয়েকক চিঞৰি শাহুৱেকৰ সৈতে সুখ-দুখৰ বহুতো কথাৰে সময়ছোৱা একেলগে পাৰ কৰে। কলেজৰ পৰা উভতি অহাৰ বাটলৈ চাই থাকে ল’ৰা-ছোৱালী দুটালৈ। পৰিয়ালটোৰ মানুহবোৰেৰে ঘৰখন পূৰ হৈ থাকিলে মনটো পূৰ্ণ হৈ থাকে । মলয়াৰ স্বামীয়ে যিদিনা দিন-হাজিৰা কৰি পইচা পাই আনে সেইদিনা ঘৰখন কোনো উৎসৱতকৈ কম নহয়। সপ্তাহটো চলিব পৰাকৈ ১০০০ টকা পাই আনিছে, তাৰে ৫০০টকা বজাৰ কৰিব ৫০০ টকা গোটত দিব তাতকৈ বেছি পালে কেতিয়াবা কাৰেণ্টৰ বিল শোধাই । ৫০০ টকাৰ বজাৰ সপ্তাহ নোজোৰে। সেয়ে ২/৩ দিন অভাৱেৰে যায়। কোনোবা এটা দিনৰ এবেলাত খৰি যোগাৰ কৰে সেইকেইদিন মলয়াৰ কষ্ট অলপ কম হয়।

মলয়াৰ ছোৱালীজনীৰ নাম অৱন্তি আৰু ল’ৰাটোৰ নাম অৱনি। অৱন্তিৰ দ্বাদশৰ পৰীক্ষাৰ ফৰ্ম ফিলাপৰ  দিন ।তেওঁলোকৰ হাতত আছে মাত্ৰ ২টা দিন মাজত । কিন্তু দিন-হাজিৰাৰে উপাৰ্জন কৰা ঘৰখনত জমা কোনোদিনেই নাথাকে। আৰু দুদিনত এটা মোটা পইচা দিয়াটো সম্ভৱ নহয় তেনেকুৱাতেই ধাৰলে ল’বৰ বাবে গাঁৱৰ মানুহৰ ওচৰত হাত পাতিব লগা হয়। কেতিয়াবা কাৰোবাৰ পৰা দুই এষাৰ টানকেও শুনে।এই সময়খিনি খুব কষ্টকৰ মলয়াৰ বাবে ঘৰখনৰ বাবে। মলয়াই জীয়েকৰ পৰীক্ষাৰ ফিজ পূৰাবলৈ তেওঁ পুৱাতেই ওলাই যায় দুই এঘৰ গৈ যেনে তেনে সুদলে হ’লেও লৈ দিয়ে। অৱনিয়ে দেউতাকৰ সৈতে সহায় কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াই। যোগাৰতেই যেন প্ৰত্যেকটো দিন । বছৰটোত কেতিয়াবা নতুন এসাঁজ কাপোৰ বিহু সময়ত ল’ৰা-ছোৱালী দুটা আৰু শাহুৱেকলৈ বুলি ।অভাৱী হ’লেও সেই দিনটোত সুখেৰেই যায় অন্তত পৰিয়ালৰ মানুবোৰ লগত থাকে। বাৰিষাৰ কালছোৱাত হাহাঁকাৰ অৱস্থা হয় মলয়াৰ ঘৰখন। বিশেষকৈ বতৰ অনুসৰি মলয়াৰ স্বামী কামৰ অভাৱ হয় তেনে তেওঁ ধেকীয়া, কচু,চেংমৰা শাকেৰ বইলেৰে যোগাৰ কৰে ।ঘৰখনো উৱলিছে,টিঙৰ ফুটাৰে আকাশ দেখা দিয়া ঘৰখনত সুখ অহালৈ মাথোঁ অপেক্ষা। আৰু এই অপেক্ষা হৈছে ল’ৰা-ছোৱালী দুটাই ভাল কামত সোমাব মাহেকত পোৱা টকাৰে ঘৰ চলাব,নতুন ঘৰ সাজিব এয়াই মলয়াৰ ধৈৰ্য্যৰ শক্তি । কিন্তু সময়বোৰ ভবামতে নহয় সলনি হয় পৰিস্থিতিৰ তাগিদাত সময়,যুগ ।

পঢ়া সামৰি অৱনি গ’ল গাঁওখনৰ বাহিৰত কাম বিচাৰি ।আজিৰ যুগত চাকৰি পোৱাটো সহজ নহয় সেয়ে প্ৰাইভেট কাম এটাতে মূৰটো গুজিছে।অৱন্তিক আগলৈ পঢ়াবলৈ শক্তি নাই পিতৃৰ। সেয়ে অৱন্তিক বিয়া দি দিলে। বয়সৰ ৰোগত মলয়াৰ শাহুৱেকৰ মৃত্যু হ’ল। অকলশৰীয়া হৈ পৰিল মলয়া।

অৱন্তি সোমাই পৰিল সাংহাৰিক মেৰপাকত ,অৱনিয়ে দৌৰিছে জীৱন গঢ়াৰ স্বাৰ্থত অন্য চহৰত।মলয়াৰ স্বামীয়ে দুটি প্ৰাণীৰ ভোকৰ দায়িত্বত দিনটোলে ওলায় যায়। ব্যস্ততাৰ এই পৃথিৱীত আজিৰ সময়ত মাত এষাৰ দিওঁতা নোলায় মলয়াক। অতীতৰ স্মৃতি ৰোমন্থন কৰি এতিয়া বাটলৈ চায় ৰৈছে যে সুখনো আচলতে ক’ত আছিল।