অসমৰ মাতৃভাষা ভাওনাৰ ইতিহাস আৰু ইয়াৰ প্ৰাসংগিকতা – লখিমী শৰ্মা

PC - Wikipedia
অসমৰ মাতৃভাষা ভাওনাৰ ইতিহাস আৰু ইয়াৰ প্ৰাসংগিকতা 
লখিমী শৰ্মা, যোৰহাট
চিত্ৰপট বা চিত্ৰ অংকিত পটক প্ৰধান অৱলম্বন হিচাপে লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিহ্নযাত্ৰা নাটৰ জৰিয়তে অসমীয়া ভাওনাৰ যি যুগান্তকাৰী ইতিহাস ৰচনা কৰিছিল, সেয়া সৰ্বজনবিদিত।চিহ্নযাত্ৰা কোনো লিখিত নাট নহয়।পৰৱৰ্তী সময়ত শংকৰদেৱৰ হাততেই অসমীয়া নাটৰ জন্ম হয়।প্ৰথম খন অসমীয়া নাট শংকৰদেৱৰ পত্নী প্ৰসাদ।পত্নী প্ৰসাদৰ পাছত শংকৰদেৱে ক্ৰমে কালিয়দমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয় নাট ৰচনা কৰে।শংকৰদেৱৰ হাতত অসমীয়া নাটৰ আদিপৰ্ব ৰচনাৰ পৰৱৰ্তী সময়তে মাধৱদেৱৰ হাতত ঝুমুৰা নামে এক নব্য শৈলীৰ নাট ভাওনাৰ সৃষ্টি হয়।যদিও শংকৰ, মাধৱৰ নাটসমূহক একেলগে অংকীয়া ভাওনা বা অংকীয়া নাট বুলি এক সুকীয়া বিভাগত ৰখা হয়, তথাপি মাধৱদেৱৰ ঝুমুৰা সমূহত শংকৰী নাটসমূহতকৈ পৰিবৰ্তিত ৰূপ এটা পৰিলক্ষিত হয়।বৰ্তমান ভাওনাৰ আধ্যাত্মিক আৰু তাত্ত্বিক দিশটো বহু পৰিমাণে উপেক্ষা কৰি কেৱল লোকৰঞ্জনৰ দিশকহে গুৰুত্ব দিয়া দেখা যায়।বৰ্তমান সময়ত তিনিঘণ্টা বা চাৰিঘণ্টাততেই ভাওনা শেষ হোৱা পৰিলক্ষিত হয়।ভাওনাক ব্যৱসায়ৰ সাধন কৰি পেলোৱাটো বহু ক্ষেত্ৰত খাপচৰা যেন লাগে।কিন্তু বৰ্তমান চৰকাৰী কৰ্মসংস্থাপনলৈ বাট নাচাই বহু শিক্ষিত যুৱকে নিজা সংস্কৃতিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি সংস্কৃতিৰ ঘাইখুঁটা সদৃশ ভাওনাকেই উপাৰ্জনৰ পথ হিচাপে লোৱাটো আদৰণীয় বুলি ক’বই লাগিব।একেদৰে এচাম নতুন মুখে অপ্ৰয়োজনীয় বুলি ভাওনাক এৰাই যাবও ধৰিছে । স্কুলীয়া শিক্ষাৰ লগত ভাওনাৰ প্ৰাসংগিকতা সম্পৰ্কে যদি ছাত্ৰ – ছাত্ৰীক আকৰ্ষিত কৰিব পৰা যায় তেন্তে ভাওনাক ধৰি ৰাখিব পৰা যাব। ধৰ্ম শিক্ষাতকৈ সংস্কৃতিৰ শিক্ষা দিয়াতো বৰ্তমান বেছি প্ৰাসংগিক । সেইবাবে ভাওনাত ইচ্ছা গ’লেই যি টি বিষয় বা গীত বা বাদ্য সংযোজন কৰা অনুচিত , এই কথা সকলোৱে গুৰুত্ব সহকাৰে লোৱা উচিত।