অসম আমাৰ দেশ – এছ ইছলাম

PC - dht.assam.gov.in
অসম আমাৰ দেশ
এছ ইছলাম, বৰপেটা
অসম আমাৰ দেশ
বিভিন্ন জাতিৰ সমাবেশ
আমি সকলোৱে ভাই-ভাই
আমাৰ মাজত হিংসাৰ ভাৱ নাই।
আমাৰ অসম সোণৰ
ভাৰতৰ উত্তৰ-পূব দিশৰ
শংকৰ-আজানৰ মিলন ভূমি
য’ত জন্ম গ্ৰহণ কৰিলোঁ আমি।
আমি হিন্দু-মুছলমান
সবে একে মাকৰ সন্তান
গাওঁ আমি মিলনৰ গান
অনৈক্যৰ মাজত ঐক্যতান।
আমি বিহুত লওঁ বিহুৱান
দূৰ্গাপূজাত কৰোঁ যোগদান
পূজা-পাতলত কৰোঁ অৰ্থদান
কাকো  নকৰোঁ কটু বাক্যবাণ।
হাজোত আছে পোৱামক্কা ধাম
পূৰ্ণ হয় আমাৰ অন্তৰৰ সকাম
হয়গ্ৰীৱ -মাধৱ মন্দিৰৰ মহাতীৰ্থ
আমাৰ মনঃকামনা কদাপি নহয় ব্যৰ্থ।