দেহশ্ৰী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

দেহশ্ৰী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  কালি হৈ যোৱা ৩৫ সংখ্যক দেহশ্ৰী প্ৰতিযোগিতাৰ ফলাফল সমূহ ঘোষণা কৰা হয়৷ সদৌ অসম শৰীৰ চৰ্চাৰ সংস্হাৰ উদ্যোগত আৰু দৰং দেহশ্ৰী সংস্থাৰ সহযোগত ৩৫ সংখ্যক মি: অসম,২০২৩ দেহশ্ৰী প্ৰতিযোগিতাখন মঙ্গলদৈৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হৈ যায় ৷ উক্ত প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অসম শৰীৰ চৰ্চা সংস্থাৰ প্ৰাক্তন উপ সভাপতি স্বৰ্গীয় অপুল ডেকাৰ সোঁৱৰণত মি: মঙলদৈ-২০২৩ দেহশ্ৰী প্ৰতিযোগিতাখনো অনুষ্ঠিত কৰা হয় ৷ মি: অসম-২০২৩ ৰ খিতাপ লাভ কৰে যোৰহাটৰ ৰাজা দাসে। জুনিয়ৰ মি: অসম-২০২৩ ৰ খিতাপ লাভ কৰে শিবসাগৰৰ নিকুৰাজ সন্দিকৈয়ে। মাষ্টাৰ্চত খিতাপ লাভ কৰে মঙ্গলদৈৰ জ্যোতিৰ্ময় শৰ্মাই ৷ মেন ফিটনেচৰ – ২০২৩ ৰ খিতাপ লাভ কৰে কামৰূপ ৰ দীপাঙ্কৰ ডেকাই ৷ মিচ ফিটনেছ -২০২৩ ৰ খিতাপ লাভ কৰে দৰং ৰ ৰঞ্জনা ডেকাই।উক্ত প্ৰতিযোগিতাত উপস্হিত থাকে ৮ নং মঙ্গলদৈ লোকসভা সমস্তিৰ সাংসদ দিলীপ শইকীয়া আৰু প্ৰাক্তন স্থানীয় বিধায়ক গুৰুজ্যোতি দাসে। খেল পৰিচালনা কৰে ৰাষ্ট্ৰীয় বিচাৰক তথা সংস্হাৰ সাধাৰন সম্পাদক মনোৰঞ্জন শৰ্মাৰ লগতে মনোৰঞ্জন কলিতা আৰু ড° ৰমনী শৰ্মাই । প্ৰতিযোগিতাখন সাফল্যমন্দিত হোৱা বুলি দৰং জিলাৰ সম্পাদক মিণ্টু বৈশ্যই জানিবলৈ দিয়ে। উক্ত প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ প্ৰায় ৮৫ গৰাকী খেলূৱৈয়ে যোগদান কৰে।