ড° অলকা বুঢ়াগোহাঁই-কৰবী দত্তৰ গ্ৰন্থ উন্মোচনী সভা

ড° অলকা বুঢ়াগোহাঁই-কৰবী দত্তৰ গ্ৰন্থ উন্মোচনী সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত ১৮ ডিচেম্বৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্যবিজ্ঞান বিষয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° অলকা বুঢ়াগোহাঁইৰ মানৱ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ’গ্ৰন্থ, গ্ৰন্থাগাৰ আৰু বিভিন্ন অনুভৱ’ আৰু মনিকূট প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা কৰবী দত্তৰ ’সৰু সৰু কথা’ শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰা হয়। ’গ্ৰন্থ, গ্ৰন্থাগাৰ আৰু বিভিন্ন অনুভৱ’ গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° লীলাৱতী শইকীয়া বৰাই আৰু ’সৰু সৰু কথা’ গ্ৰন্থখন উন্মোচন কৰে ড° অলকা বুঢ়াগোহাঁয়ে। পূৰ্বৰ কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° তিলোত্তমা বৰুৱাৰ বৰগীতেৰে আৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে বিশিষ্ট লেখক তথা অভিযন্তা ড° বিমল ফুকনে। সভাৰ আৰম্ভণিতে লেখিকা ড° বুঢ়াগোহাঁইৰ পিতৃ-মাতৃ প্ৰয়াত ৰায়বাহাদুৰ গোপাল চন্দ্ৰ ফুকন আৰু শোভনেশ্বৰী আইদেউৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰা হয়। প্ৰয়াত ৰায়বাহাদুৰ গোপাল ফুকনৰ ৬৬ সংখ্যক মৃত্যু বাৰ্ষিকী আছিল।তাৰ পাছতে তেওঁৰ স্মৃতিচাৰণ কৰে আই আই টি গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক, প্ৰফেছাৰ এমেৰিটাছ তথা ফুকন দম্পতিৰ ভাগিনীয়েক ড° ধীৰেন্দ্ৰনাথ বুঢ়াগোহাঁয়ে। কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা ড° সুব্ৰতা শৰ্মা ভট্টাচাৰ্য্যই লেখিকা তথা অসমৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিষয়ৰ পূৰোধা ব্যক্তি ড° অলকা বুঢ়াগোহাঁইৰ জীৱন আৰু কৃতিত্ব সম্পৰ্কে চমুকৈ কোৱাৰ পাছতে ড° লীলাৱতী শইকীয়া বৰাই “গ্ৰন্থ, গ্ৰন্থাগাৰ আৰু বিভিন্ন অনুভৱ” গ্ৰন্থখন উন্মোচন কৰে। গ্ৰন্থখন উন্মোচন কৰি তেওঁ ড° বুঢ়াগোহাঁইয়ে বিভিন্ন কাকত-আলোচনীত লিখা বহুতো মূল্যবান প্ৰবন্ধৰ জৰিয়তে সমাজ সচেতনতাৰ পৰিচয় দিয়াৰ কথা উল্লেখ কৰি এই মহৎ প্ৰচেষ্টাৰ শলাগ লয়। গ্ৰন্থখন উন্মোচিত হোৱাৰ পাছত ড° অলকা বুঢ়াগোহাঁয়ে গ্ৰন্থখনৰ বিষয়ে চমুকৈ দুআষাৰ কয়। তাৰ পাছতেই এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে ড° বুঢ়াগোহাঁইৰ প্ৰাক্তন ছাত্ৰ তথা অসম টেক্সটাইল শিক্ষা প্ৰতিষ্ঠানৰ গ্ৰন্থাগাৰিক ড° ভূপেন্দ্ৰ নাথ শৰ্মাই।তাৰ পাছতেই ড° অলকা বুঢ়াগোহাঁয়ে কৰবী দত্তৰ ‘সৰু সৰু কথা ‘ গ্ৰন্থখন উন্মোচন কৰি গ্ৰন্থখন আৰু লেখিকাৰ বিষয়ে চমুকৈ দুআষাৰ কয়।‌ সৰু সৰু কথাৰ লেখিকা কৰবী দত্তই গ্ৰন্থখনৰ বিষয়ে চমুকৈ কোৱাৰ পাছত তেওঁৰ ভাতৃ ড° অভিজিত কুমাৰ দত্তই গ্ৰন্থখন সম্পৰ্কে কিছু অনুভৱ ব্যক্ত কৰে। সভাপতিৰ আসনৰ পৰা ড° বিমল ফুকনে এটি চমু অথচ গাম্ভীৰ্যপূৰ্ণ ভাষণ আগবঢ়ায়। সভাপতিৰ ভাষণৰ পাছত ড° ধীৰেন্দ্ৰনাথ বুঢ়াগোহাঁয়ে কৰবী দত্তৰ গ্ৰন্থখন লুটিয়াই হোৱা নিজৰ অনুভৱৰ বিষয়ে চমুকৈ কোৱাৰ ইচ্ছা প্ৰকাশ কৰে আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ পংক্তিৰে এক মন্তব্য প্ৰদান কৰে৷কৰবী দত্তই গ্ৰন্থখনত কিছুমান হেৰাই যাব খোজা ছবি আঁকিবলৈ চেষ্টা কৰা বুলি তেওঁ উল্লেখ কৰে। সমজুৱাৰ ভাষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নৰেন্দ্ৰ লহকৰ আৰু এছ বি দেওৰা কলেজৰ গ্ৰন্থাগাৰিক তথা অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সভাপতি ড° ধ্ৰুৱজিত দাসে ড° অলকা বুঢ়াগোহাঁইৰ সান্নিধ্য আৰু ব্যক্তিত্বৰ বিষয়ে চমুকৈ উল্লেখ কৰে। লেখিকা তথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত কৰ্মৰত সাংবাদিক নিভাৰাণী ৰায়ে পৰিচালনা কৰা এই গাম্ভীৰ্যপূৰ্ণ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই গুৱাহাটী কমাৰ্চ কলেজৰ গ্ৰন্থাগাৰিক ড° উৎপল শৰ্মাই কয় যে গ্ৰন্থ হ’ল সভ্যতাৰ এক অদাহ্য আত্মা ।এই আত্মাই জ্ঞান প্ৰজ্ঞানৰ যাত্ৰাৰ বীজ অংকুৰিত কৰি সমাজক পথৰ সন্ধানৰ বাৰ্তা দিয়ে । জ্ঞানৰ মহত্ব প্ৰদান কৰি মানৱতাৰ উত্তৰনত গ্ৰন্থই সময়হীন জগত এখনৰ ছৱি আকে । সেয়ে এনে অনুষ্ঠানত অংশগ্ৰহণ কৰি সামাজিকভাৱে দায়বদ্ধতা প্ৰকাশ কৰা প্ৰতিগৰাকী গুনী জ্ঞানী ব্যক্তিলৈ কৃতজ্ঞতাৰে ড° শৰ্মাই শলাগৰ শৰাই আগবঢ়ায় ।