অসমীয়া ভাওনা সংস্কৃতিত গায়ন – বায়নৰ ভূমিকা
লখিমী শৰ্মা, যোৰহাট
গুৰুজনাৰ অনবদ্য সৃষ্টি গায়ন-বায়নৰ জোৰা নান্দনিক বৈশিষ্ট্যৰে ভৰপূৰ । গায়ন – বায়নে ভাওনা এভাগত গুৰুঘাট আৰু সুকীয়া ৰাগ-ৰাগিনী আৰু তালৰ আধাৰত সৰু ধেমালি, বৰ ধেমালি, ঘোষা ধেমালি আদি কেইবাখনো ধেমালি পৰিৱেশন কৰিব লাগে।প্ৰতিখন ধেমালিৰে পদ সঞ্চালন।আৰু মুদ্ৰা, চাপৰ আদি ভিন ভিন আৰু যথেষ্ট আমোদজনক।গায়ন-বায়নৰ জোৰাই নামঘৰত প্ৰৱেশ কৰি সাত পাক মাৰি সপ্তবৈকুণ্ঠ নমাই আনে।বায়নে ওপৰলৈ হাত তুলি ‘ধেই’ শব্দৰে গায়ন-বায়নৰ জোৰা আৰম্ভ কৰে।গায়ন-বায়নৰ বিশেষ ধৰণৰ পোছাক আছে । বায়নে বগা চাপকন , মূৰত পাগ আৰু ঘুৰি অথবা ঠাইভেদে ঠোৰমৰা চুৰিয়া পিন্ধাটো নিয়ম।গায়নজনে চৌকন (হাতদীঘল কঁকালৰ তললৈ পৰা বগা চোলা), মূৰত পাগ আৰু ঠোৰমৰা চুৰিয়া পিন্ধে।মূল গায়ন (বৰগায়ন) আৰু বায়ন (বৰবায়ন) জনে মূৰৰ ওপৰৰ পাগটোত বকুলৰ মালা এধাৰ আৰু কপালত চন্দনৰ ফোঁট ল’ব পাৰে।গায়নৰ বাওঁহাতে বায়ন থাকে।গায়ন-বায়নৰ জোৰা খোল-তালৰ নৃত্যমূলক অনুষ্ঠান, চালে চকুৰোৱা আৰু মনপৰশা।অসমৰ প্ৰতিখন গাওঁ আৰু সত্ৰতে গায়ন-বায়ন আছে।গুৰুজনাই এই গায়ন-বায়নৰ সৃষ্টিও ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যেই কৰিছিল।নৃত্য – গীতৰ বাবে বাদ্যৰ প্ৰয়োজন ।’চিহ্নযাত্ৰা’ কৰাৰ সময়তে গুৰুজনাই অনবদ্য খোল বাদ্যৰ সৃষ্টি কৰিলে।খোলৰ প্ৰতিটো শব্দ ঈশ্বৰৰ স্তুতি প্ৰকাশক । যিকোনো সময়ত খোল – তাল বজাব নাপায় , ডবাও কোবাব নাপায়। ডবাইও ভগৱানৰ নামেই ঘোষণা কৰে।ভাওনা আৰম্ভ, সূত্ৰধাৰ, ভাৱৰীয়াৰ প্ৰৱেশ, নৃত্য – গীত, অভিনয় আদি কামত গায়ন-বায়ন নহ’লেই নহয়।নাট মেলাৰ পৰা সামৰাৰ দিনালৈকে খোল-তালৰ শব্দৰে গাওঁখন ৰজনজনাই থাকে। সৰ্বগুণাকৰ শংকৰদেৱে নিজা চিন্তা – চৰ্চাৰে উদ্ভাৱন কৰা গায়ন – বায়নৰ জোৰা অসমীয়া জাতীয় জীৱনৰ অমূল্য সম্পদ । নাট এখনৰ অভিনয়ৰ পাছত সকলো ভাৱৰীয়া আৰু গায়ন – বায়ন আদিয়ে সকলোৰে কল্যাণ কামনা কৰি মুক্তি মংগল ভটিমা বা কল্যাণ খৰমান পৰিৱেশন কৰে।এই ভটিমাৰ মূল গায়ন হ’ল সূত্ৰধাৰ। সেয়ে সূত্ৰধাৰজন ভাওনা ভাগৰ কল্যাণ খৰমান গোৱালৈকে উপস্থিত থাকিব লাগে।বহুক্ষেত্ৰত গন্ধোৎসৱৰ দিনা গায়ন-বায়নে জোৰাৰ আধা অংশ বজায় আগবঢ়াই থয় যাতে ভাওনাৰ দিনা কম সময়ৰ ভিতৰত গায়ন-বায়ন শেষ কৰিব পাৰে (অৱশ্যে সকলো গাঁৱৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়)।ভাওনা এভাগৰ মূল কাৰ্যসূচী আৰম্ভ কৰা হয় গায়ন-বায়নৰ জোৰাৰে ।