ভাদ মাহত হৰি নামৰ মহত্ব – লখিমী শৰ্মা

PC - News next one
ভাদ মাহত হৰি নামৰ মহত্ব
লখিমী শৰ্মা, যোৰহাট
অসমীয়া সমাজ জীৱনত পৱিত্ৰ মাহ হিচাপে বিবেচিত হৈ আহিছে ” ভাদ মাহ “।পৱিত্ৰ ভাদ মাহটোত সমগ্ৰ নামঘৰ আৰু সত্ৰসমূহত হৰি নামৰ ধ্বনি বাজি উঠে চৌদিশে।কি যে সুন্দৰ পৰিৱেশে বিৰাজ কৰে এই ভাদ মাহটোত।গোটেই চৌহদ নামৰ ধ্বনিৰে মুখৰিত হৈ  পৰে।গুৰুজনাই দি যোৱা হৰি নামৰ ধ্বনিৰ এক সুকীয়া মাদকতা আছে, বিশেষকৈ এই মাহটোত  প্ৰত্যেকজনৰ হৃদয়ত ভক্তিভাৱেৰে পৰিপূৰ্ণ ভক্তি সাধনাত মগ্ন হৈ বিভিন্ন ঠাইত থকা বৰনামঘৰ, সত্ৰসমূহত গৈ সম্পূৰ্ণ ভক্তিভাৱধাৰাৰে ভগৱন্তক চিন্তি গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জনাই হৰি নামত বিমুগ্ধ হয়।পুৱাই খোল – তাল – ডবা – শংখৰ ধ্বনিৰে মুখৰিত হয়  নামঘৰ আৰু সত্ৰসমূহ । গোটেই মাহজোৰা পালনামৰ ধ্বনি।
হৰিনাম গায়া
ফুৰিলা ভ্ৰমিয়া
শাস্ত্ৰ ভাগৱত
ভকতিৰ তত্ব
এ কলি যুগত
নামৰ মহত্ব
মানুহে হৰিনামৰ শ্ৰৱণ কীৰ্তন কৰিলেহে সৰ্ব গুণৰ অধিকাৰী হৈ ভগৱানৰ আশীষ ল’বলৈ সমৰ্থ হয় বুলি ধৰ্মীয় পুথি সমূহত উল্লেখিত আছে । সেয়েহে কিছু সময়ৰ বাবে হ’লেও হৰিনামৰ ভক্তি সাধনাত নিজকে কিছুপৰৰ বাবে ভক্তিভাৱধাৰাৰ প্ৰতি নিজকে প্ৰস্তুত কৰি তুলিব লাগে।নামঘৰ, সত্ৰ সমূহত জ্বলোৱা ধূপ – ধূনা চন্দনৰ গোন্ধই মানুহৰ মনটো আধ্যাত্মিকতাৰ গভীৰতালৈ লৈ যায়।
” শিৰোমণি  শংকৰগুৰু
ভকতৰ কল্পতৰু
বৈকুণ্ঠৰ হৰিনাম
ভকতক দিলা
কলিত যুগে
নাম ধৰ্মৰ
জ্ঞান  তুমি  দিলা
             ভকতৰ বাবে তুমি
ভকতিৰ দেউল বান্ধি
নানা ধৰ্ম হিয়াত বান্ধি
বাৰ – বৈষ্ণৱ একক কৰি
কৃষ্ণ নাম অমৃতৰ
নদী বোৱাইলা
বেদ শাস্ত্ৰৰ মহা জ্ঞান
ভকতক দিলা  “
গুৰু জনাই দি যোৱা হৰিনামৰ ধ্বনি- বৰনামঘৰ, সত্ৰ সমূহত সমগ্ৰ লোকে একত্ৰিত হৈ সম্পূৰ্ণ ভক্তিভাৱেৰে সেৱা জনাই এই হৰিনামৰ প্ৰতি শ্ৰদ্ধা জনাই এই হৰিনামসমূহৰ মহত্ত্ব বজাই ৰাখিছে সমগ্ৰ বিশ্ববাসীয়ে ।
” কিনো মায়া তোমাৰ প্ৰভু কিনো মায়া
কিনো লীলা প্ৰভু কিনো লীলা
মায়াৰ জৰীৰে হৰি
বান্ধিলা আতি আতি
ছিঙিবও নোৱাৰা
ধৰো হৰিনাম
মোকে পাৰে কৰা হে ভগৱান
মোকে পাৰে কৰা হে ভগৱান “