অভিনন্দন “চন্দ্ৰযান” – মুন শৰ্মা

PC - Hindustan Times

অভিনন্দন “চন্দ্ৰযান”

মুন শৰ্মা, লখিমপুৰ

এবাৰৰ বিফলতাৰ বেদনা সহি,
আকৌ উৰিলি তালৈ বুলি,
আশাৰে বান্ধিলি সমগ্ৰ দেশক,
এবাৰ ভগা সপোন আকৌ যে জগালি।
বিশ্বাস বহুত এইবেলি আমাৰ,
তথাপি চিন্তাই নেৰে যে এৰি,,
ভাবিলে মন বোৰত ভয়ে ঘৰ বান্ধে,
সাধাৰণ আমি বোৰ নাজানো যে বৰ।
অৱশেষত সেই দিনত তই গৈ পালি,
ইতিহাস ৰচনাৰে কৰিলি চন্দ্ৰ জয়,
তাকো যে বিপদে আগুৰা দক্ষিণ মেৰুত।
ভয় বোৰ ভাগি গ’ল আনন্দৰ ঢৌতে,
সুখৰ চকুপানী বৈ ৰ’ল বহু পৰ,
আত্মহাৰা ভাৰতীয় ই পাতিলে অবতৰীয়া এটি উৎসৱ।
ধন্যবাদ চন্দ্ৰযান, ধন্য হলো আমি ভাৰতীয়,
কওঁ কি তোমাক! ভাষাহীন আমি,
কোনো শব্দৰ নাই যে শকতি,,
সমগ্ৰ ভাৰতীয়ৰ সপোনৰ দিঠক যে তুমি।।